মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান (Fight Against Dalal Raj) চলি থকাৰ মাজতে লাট মণ্ডলৰ বিৰুদ্ধে চিৰাঙত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ বঙাইগাঁও (Bongaigaon) জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল অখিল ৰায় (Akhil Ray)ৰ বিজনীৰ ৩ নং ৱাৰ্ডস্থিত আমগুৰিত থকা বাসগৃহত আৰক্ষীৰ দলে অভিযান চলাই জব্দ কৰিছে বহু মূল্যৱান অবৈধ সামগ্ৰী।
চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাৰ নিৰ্দেশত চলোৱা অভিযানটোত লাট মণ্ডল অখিল ৰায়ৰ ঘৰত ১১০ গ্ৰাম ওজনৰ দুখন সোণৰ বিস্কুট (Gold Biscuit), এটা সোণৰ মুদ্ৰা (Gold Coin) জব্দ কৰে। ইয়াৰ উপৰি বহু গ্ৰাম সোণৰ আ-অলংকাৰ (Jewelry), ২ লাখ ৬০ হাজাৰ নগদ টকা জব্দ কৰে।
ইমানেই নহয়, আৰক্ষীৰ দলটোৱে লাট মণ্ডল অখিল ৰায়ৰ বাসগৃহত তন্ন-তন্নকৈ তালাচি চলাই বৃহৎ সংখ্যক মাটি-বাৰী সম্পৰ্কীয় নথি-পত্ৰ (Land Documents) জব্দ কৰি বিজনী থানালৈ লৈ আহে। এনেদৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটি সম্পৰ্কীয় চৰকাৰী নথি পত্ৰৰ ফাইল বাসগৃহত উদ্ধাৰ হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।
আনফালে লাট মণ্ডল অখিল ৰায়ৰ বঙাইগাঁও জিলাৰ বেকাৰচক জামদহাত থকা গৰুৰ ফাৰ্মতো অভিযান চলায় আৰক্ষীৰ দলটোৱে। অৱশ্য মণ্ডল অখিল ৰায়ৰ বৰ্তমানলৈ শুংসূত্ৰ নাই।
আনহাতে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা চিদলী ৰাজহ চক্ৰৰ দুই কাননগো বিজয় মোহন দেৱনাথ আৰু ৰমেন কুমাৰ পণ্ডিতৰ বাসুগাঁৱস্থিত বাসগৃহতো অভিযান চলাই নগদ ধন, সোণৰ আ অলংকাৰ, বেংকৰ পাছবুক, নথি-পত্ৰ জব্দ কৰে ৷ চিৰাং জিলাত আৰক্ষীয়ে এতিয়ালৈ মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই ছয় জন মণ্ডল-কাননগোৰ লগতে দুজন দালালসহ মুঠ আঠজনক গ্ৰেপ্তাৰ কৰিছে ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : September 23, 2021, 22:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।