শ্বাৰ্জিল ইমামৰ সৈতে মিতিৰালি কৰা গুৱাহাটীৰ এটা ৱেব পৰ্টেলৰ স্বত্বাধিকাৰীক শীঘ্ৰেই কৰা হ’ব জেৰা

ফাইল ফটো
কাইলৈ ৰাজ্যিক ফৰেনচিক বিজ্ঞানাগাৰত সংগ্ৰহ কৰা হ’ব শ্বাৰ্জিল ইমামৰ Voice Sample
- News18 Assam
- Last Updated: February 25, 2020, 5:28 PM IST
আনহাতে শ্বাৰ্জিলৰ voice sample লোৱাৰ বাবে ক্ৰাইম ব্ৰাঞ্চ সাজু হৈছে ৷ ৰাজ্যিক ফৰেনচিক বিজ্ঞানাগাৰত বুধবাৰে দিনৰ ভাগত সংগ্ৰহ কৰা হব voice sample ৷ এই গোটেই প্ৰক্ৰিয়াটো ভিডিওগ্ৰাফী যোগে ৰেকৰ্ড কৰাৰ নিৰ্দেশ দিছে কামৰূপ মহানগৰ মূখ্য ন্যায়িক দণ্ডাধীশে ৷
দিল্লী আৰক্ষীয়ে বিহাৰৰ পৰা গ্ৰেপ্তাৰৰ পিছতে জব্দ কৰিছিল শ্বাৰ্জিলৰ লেপটপ, মোবাইল ফোন ৷ বৰ্তমান বিশেষ শাখাত থকা চাইবাৰ ড'মত পৰীক্ষা কৰি থকা হৈছে ৷ চাইবাৰ ড'মৰ বিশেষজ্ঞই শ্বাৰ্জিলৰ পৰা উদ্ধাৰ কৰিছে দেশৰ বিভিন্ন প্ৰান্তলৈ ইমেইল, ৱাটচআপ মেছেজযোগে উৰ্দুত প্ৰদান কৰা বাৰ্তা ৷ ক্ৰাইম ব্ৰাঞ্চে ইতিমধ্যে বাৰ্তা সমূহ অনুবাদ কৰাৰ বাবে সহায় লৈছে উৰ্দু ভাষা জনা ব্যক্তিৰ ৷