হত্যা কৰি খৰখেদাকৈ জ্বলাই দিলে মৃতদেহ! পিছে শ্মশানত আৰক্ষীৰ কাৰণে এৰি থৈ গ’ল ‘ক্লু’

কিশোৰীগৰাকীক হত্যা কৰি খৰধৰকৈ জ্বলাই দিয়াৰ অভিযোগৰ পিছতে আৰক্ষীৰ তৎপৰতা।

News18-Assam
Updated:October 23, 2019, 2:16 PM IST
হত্যা কৰি খৰখেদাকৈ জ্বলাই দিলে মৃতদেহ! পিছে শ্মশানত আৰক্ষীৰ কাৰণে এৰি থৈ গ’ল ‘ক্লু’
কিশোৰীগৰাকীক হত্যা কৰি খৰধৰকৈ জ্বলাই দিয়াৰ অভিযোগৰ পিছতে আৰক্ষীৰ তৎপৰতা।
News18-Assam
Updated: October 23, 2019, 2:16 PM IST
বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ লামডিঙত অব্যাহত আছে প্ৰতিবাদ। বিগত ১৭ অক্টোবৰত লামডিঙৰ অফিচাৰ কলনীৰ চক্ৰৱৰ্তী দম্পতীৰ গৃহত বনকৰা হিচাপে থকা ১৪ বছৰীয়া কিশোৰীগৰাকীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল। কিন্তু ৬ টা দিন উকলি যোৱাৰ পিছতো দুৰ্ভগীয়া কিশোৰীগৰাকীৰ মৃত্যুৰ ৰহস্য ভেদ নহ'ল। যাৰবাবে মঙলবাৰে হাতে হাতে মম লৈ সহস্ৰাধিক লোকে ঘেৰাও কৰিলে লামডিং আৰক্ষী থানা। প্ৰতিবাদীসকলে আৰক্ষী-প্ৰশাসন মুৰ্দাবাদ ধ্বনিৰে উত্তাল থানা চৌহদ। প্ৰতিবাদী ৰাইজৰ দাবী অতি শীঘ্ৰে কৰায়ত্ত কৰক অভিযুক্ত সাধন চক্ৰৱৰ্তী , মৌচুমী চক্ৰৱৰ্তীক। ইফালে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত লামডিং আৰক্ষী থানাৰ সন্মুখত বলৱৎ কৰা হয় ১৪৪ ধাৰা। পৰৱৰ্তী সময়ত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই অভিযুক্তক তিনিদিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিয়াতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

ইফালে দেওবাৰে নিশা লামডিং থানাত ৰুজু হোৱা গোচৰৰ আঁত ধৰি অব্যাহত আছে আৰক্ষীৰ তদন্ত। চক্ৰৱৰ্তী দম্পতীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ পিছত সম্প্ৰতি পলাতক চক্ৰৱৰ্তী দম্পতী। কিশোৰীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ 'ক্লু' বিচাৰি হাওৰাঘাটৰ শ্মশানত মঙলবাৰে তদন্ত চলায় লামডিং আৰক্ষীৰ এটা দলে ৷
উল্লেখ্য যে তথ্য-প্ৰমাণ নষ্ট কৰিবলৈ ১৭ অক্টোবৰত নিশাৰ ভিতৰতে মৃতদেহ সৎকাৰ কৰাৰ

গুৰুতৰ অভিযোগ উত্থাপন৷ খৰখেদা কৰিবলৈ গৈ কিশোৰীগৰাকীৰ মৃতদেহ সম্পূৰ্ণ দাহ নোহোৱাৰো অভিযোগ উঠিছে । বিগত দুটা দিনত হাওৰাঘাটত শ্মশানৰ পৰা উদ্ধাৰ হৈছে কিশোৰীগৰাকীৰ মৃতদেহৰ দাহ নোহোৱা মাংসপিণ্ড। উদ্ধাৰ কৰা হছে খাৰু, প্লাষ্টিকৰ পাটী আদি। ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে আজি দণ্ডাধীশ নুপুৰ বৰাৰ উপস্থিতিত লামডিং আৰক্ষীয়ে তদন্ত চলায়।
আৰু চাওক পৰৱৰ্তী বাতৰি