১৯৮৩ চনৰ পৰা ১৯৯৪ চনলৈকে আৰক্ষী চকীখন সক্ৰিয় ভাবেই চলি আছিল। কিন্তু এঘাৰটা বছৰ সক্ৰিয় ভাবে চলাৰ পিছত হঠাৎ যেন নিস্ক্ৰিয় হৈ পৰে।
১৯৮৩ চনৰ পৰা ১৯৯৪ চনলৈকে আৰক্ষী চকীখন সক্ৰিয় ভাবেই চলি আছিল। কিন্তু এঘাৰটা বছৰ সক্ৰিয় ভাবে চলাৰ পিছত হঠাৎ যেন নিস্ক্ৰিয় হৈ পৰে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক আধুনিকীকৰণ কৰাৰ সময়তে বিশেষ ভাৱে চৰ্চিত হৈছে ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত এখন বিশেষ আৰক্ষী চকী। যিখন আৰক্ষী চকী স্থাপন কৰা হৈছিল ১৯৮৩ চনতে।
ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত হালোৱাগাঁৱত থকা এই নামপানী আৰক্ষী চকীখনে বৰ্তমান আৰক্ষীৰ ফোপোলা স্বৰূপটোহে উদঙাই দেখুৱায়। কিয়নো থকাত আৰক্ষী চকীখন আছে ,কিন্তু নাই আৰক্ষী চকীখন তদাৰক কৰিবলৈহে এজনো আৰক্ষী। কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰক্ষী চকীখনৰ বৃহৎ কংক্ৰিট ঘৰটোৱে মাত্ৰ আৰক্ষী চকীখনৰ ৩৮ বছৰীয়া সাক্ষী হৈ ৰৈ আছে। ইয়াৰ বাহিৰে আৰক্ষী চকীখনত নাই এখন নাম ফলকো।
উল্লেখযোগ্য যে ১৯৮৩ চনৰ পৰা ১৯৯৪ চনলৈকে আৰক্ষী চকীখন সক্ৰিয় ভাবেই চলি আছিল। কিন্তু এঘাৰটা বছৰ সক্ৰিয় ভাবে চলাৰ পিছত হঠাৎ যেন নিস্ক্ৰিয় হৈ পৰে। বৰ্তমান আৰক্ষী চকীখনত দুজন কনিষ্টবল নিয়োজিত হৈ আছে যদিও আজিকোপতি দেখা নাই অঞ্চলবাসীয়ে। যাৰ ফলস্বৰূপে নতুনকৈ নিৰ্মাণ কৰা গৃহটো ভূত বাংলালৈহে পৰ্যবসিত হৈছে।
ৰূপহীহাট সমষ্টিৰ হালোৱাগাঁৱৰ স্থানীয় লোকসকলে আৰক্ষী চকীখনত আৰক্ষী নথকাৰ বাবে এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰক্ষী চকীখনৰ এনে দুৰৱস্থা দৃষ্টিগোচৰ হ'বনে চৰকাৰৰ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|