'বাহিৰলৈ যাব নোৱাৰিব ড্ৰাগছ, দিনে-নিশাই পৰিশ্ৰম কৰি কৰ্তন কৰিব লাগিব ড্ৰাগছ লাইন'- আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:July 18, 2021, 7:28 PM IST
'বাহিৰলৈ যাব নোৱাৰিব ড্ৰাগছ, দিনে-নিশাই পৰিশ্ৰম কৰি কৰ্তন কৰিব লাগিব ড্ৰাগছ লাইন'- আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
হোজাইত ড্ৰাগছ বিনষ্টকৰণ অভিযানত মুখ্যমন্ত্ৰীয়ে কাঢ়া নিৰ্দেশ দিলে আৰক্ষীক।

হোজাইত ড্ৰাগছ বিনষ্টকৰণ অভিযানত মুখ্যমন্ত্ৰীয়ে কাঢ়া নিৰ্দেশ দিলে আৰক্ষীক।

  • Share this:
'ড্ৰাগছ বিৰুদ্ধে যুদ্ধ কোনো এটা ৰাজনৈতিক দলৰ যুদ্ধ নহয়। ড্ৰাগছে প্ৰথমে এজন মানুহ পিছত এটা পৰিয়াল, এখন সমাজ ধ্বংস কৰি পেলায়। জব্দ কৰা ড্ৰাগছ সমূহ আমি আদালতৰ অনুমতি সাপেক্ষে ৰাজহুৱা বাবে দাহ কৰিছো। এখন ঘৰত এজন ড্ৰাগছ সেৱন কৰা লোক থাকিলে পৰিয়ালটো লাহে লাহে শেষ হৈ যায় ৷ পৰিয়ালৰ টকা পইচা, মাটি, গহনা, সকলো শেষ হোৱাৰ পিছত ড্ৰাগছ আসক্তজন সৰু সৰু অপৰাধজনিত ঘটনাৰ লগত জড়িত হৈ পৰে আৰু সমাজখনে ধ্বংসৰ পথেৰে গতি কৰে।'- এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

শনিবাৰে হোজাই জিলাৰ শংকৰদেৱ নগৰত জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ অভিযানত উপস্থিত থাকি  অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, অসমত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি থাকিব আৰু শীঘ্ৰে অসমখন ড্ৰাগছ মুক্ত হ'ব ৷

আজি হোজাইত জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ অভিযানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, শাসকীয় বিধায়ক ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰ, প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ উপৰিও বিধায়ক ছিৰাজুদ্দিন আজমলো  উপস্থিত থাকে ৷

যোৱা দুমাহ ধৰি আৰক্ষীয়ে ধাৰাবাহিকভাবে ড্ৰাগছৰ লগতে গাঞ্জা, অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ এই অভিযানত ১৬৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে ৷ এই জব্দকৃত গাঞ্জাখিনি আজি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হোজাইৰ শংকৰদেৱ নগৰস্থিত খেল পথাৰত জ্বলাই বিনষ্ট কৰা হয় ৷

প্ৰাপ্ত তথ্য মতে, হেৰইন ৩৫৩.৬২ কিলোগ্ৰাম , গাঞ্জা ৭৩ কেজি,  টেবলেট ৪৫,৮৪৩ টা আছিল ৷ জিলাখনৰ ডবকা আৰু মোৰাঝাৰ অঞ্চলত  ড্ৰাগছৰ অধিক  সৰবৰাহৰ কথা উল্লেখ কৰি অসমত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰে ৷ এই অনুষ্ঠানত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আদিও  উপস্থিত আছিল ৷
Published by: Himangshu Bhuyan
First published: July 18, 2021, 7:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি