• Home
  • »
  • News
  • »
  • assam
  • »
  • Cattle Smuggler: কোকৰাঝাৰত আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা গৰুৰ চোৰাং ব্যৱসায়ীৰ, আৰক্ষীৰ গুলীত আহত

Cattle Smuggler: কোকৰাঝাৰত আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা গৰুৰ চোৰাং ব্যৱসায়ীৰ, আৰক্ষীৰ গুলীত আহত

 পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলাই গুলীবিদ্ধ চূড়াংগি চানিয়া অন্ধ্ৰপ্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় গৰু ছিণ্ডিকেটৰ স'তে জড়িত।

পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলাই গুলীবিদ্ধ চূড়াংগি চানিয়া অন্ধ্ৰপ্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় গৰু ছিণ্ডিকেটৰ স'তে জড়িত।

পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলাই গুলীবিদ্ধ চূড়াংগি চানিয়া অন্ধ্ৰপ্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় গৰু ছিণ্ডিকেটৰ স'তে জড়িত।

  • Share this:

ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালভাৱে গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে সষ্টম হৈছে কোকৰাঝাৰ আৰক্ষী। কেইদিন পূৰ্বে চাৰিজনকৈ গৰু ছিণ্ডিকেটৰ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ অন্ধ্ৰপ্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় গৰু ছিণ্ডিকেটৰ স'তে জড়িত চূড়াংগি চানিয়াক (৩৯) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ আৰক্ষী। কিন্তু তদন্ত কালত আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে গুলীবিদ্ধ হয় চোৰাং গৰু ব্যৱসায়ীজন ৷


গোসাঁইগাঁও থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা ৪৬/২০২১ নম্বৰৰ গোচৰৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় গৰু চোৰাং চক্ৰৰে জড়িত চূড়াংগিক তিনি দিন পূৰ্বে চেন্নাইৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৷ নিশা চূড়াংগি চানিয়াক কোকৰাঝাৰ আৰক্ষীয়ে গৰু চোৰ ছিণ্ডিকেটৰ সৈতে জড়িত আন লোকসকলৰ ঘৰ দেখুৱাবলৈ শুকানঝোৰা নামৰ ঠাইলৈ নিয়ে।  সেই সময়তে  চূড়াংগি চানিয়াই আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি লৈ আৰক্ষীকে গুলী কৰিবলৈ উদ্যত হোৱাত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে তৎপৰতাৰে গুলীচালনা কৰে। আৰক্ষীৰ গুলীচালনাৰ ফলত চানিয়া গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয়। আহত চূড়াংগি চানিয়াক প্ৰথমে কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।


চূড়াংগি চানিয়াৰ ভৰিত গুলী লাগে বুলি জানিবলৈ দি গৰু মাফিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি সদৰী কৰে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰে ৷ বৰ্তমানলৈকে ১২জনকৈ গৰু মাফিয়াক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বুলিও লগতে তেওঁ সদৰী কৰে।

Published by:Gautam Barman
First published: