
মেঘালয়ৰ পৰা কৰিমগঞ্জলৈ যোৱাৰ সময়ত হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম থানাৰ আৰক্ষীয়ে জব্দ কৰে চুণশিল ভৰ্তি তিনিখন ট্ৰাক ।
মেঘালয়ৰ পৰা কৰিমগঞ্জলৈ যোৱাৰ সময়ত হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম থানাৰ আৰক্ষীয়ে জব্দ কৰে চুণশিল ভৰ্তি তিনিখন ট্ৰাক ।
হাইলাকান্দিত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণ চুণশিল (limestone)। মেঘালয়ৰ পৰা কৰিমগঞ্জলৈ যোৱাৰ সময়ত হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম থানাৰ আৰক্ষীয়ে জব্দ কৰে চুণশিল ভৰ্তি তিনিখন ট্ৰাক। NL-01-AF-7588, TR-01-E-1656 আৰু TR-01-AG-1887 নম্বৰৰ এই তিনিখন ট্ৰাকে কোনো প্ৰকাৰ নথি অবিহনে চুণশিল কঢ়িয়াই নিয়া আৰু অভাৰলোড থকাৰ বাবে আৰক্ষীয়ে আটক কৰে ট্ৰাক তিনিটাক। প্ৰতিখন ট্ৰাকত আছিলে প্ৰায় ৫৪ টন কৈ চুণশিল।
ইপিনে, এই নথিপত্ৰ বিহীন ট্ৰাক কেইটা আটক কৰাৰ পিছৰ পৰাই আৰম্ভ হৈছে এক চাঞ্চল্যকৰ পৰিস্থিতিৰ। ট্ৰাকসমূহক মোকলাই দিয়াৰ বাবে ইজনৰ পিছত সিজনে আৰক্ষীক হেঁচা দিয়া আৰম্ভ কৰিছে। প্ৰথমে অভিযন্তা, চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু পিছতে সাংবাদিক পৰিচয় দি NL-01-AF-7588 নম্নৰৰ ট্ৰাকখনক মুকলি কৰি দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছে বুলি জনাইছে পাঁচগ্ৰাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিধান চন্দ্ৰ দাসে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|