মুখ্যপৃষ্ঠা » খবৰ

» অসম

»গোসাঁইগাঁৱত আৰক্ষীৰ বৃহৎ সফলতা, ট্ৰাকৰ তেলৰ টেংকীৰ ভিতৰৰ পৰা জব্দ ১০ কোটি টকাৰ আফিং

গোসাঁইগাঁৱত আৰক্ষীৰ বৃহৎ সফলতা, ট্ৰাকৰ তেলৰ টেংকীৰ ভিতৰৰ পৰা জব্দ ১০ কোটি টকাৰ আফিং

News18 Assam | News18-Assam
Updated:October 10, 2021, 1:30 PM IST
গোসাঁইগাঁৱত আৰক্ষীৰ বৃহৎ সফলতা, ট্ৰাকৰ তেলৰ টেংকীৰ ভিতৰৰ পৰা জব্দ ১০ কোটি টকাৰ আফিং
দেওবাৰে পুৱা গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে প্ৰায় দহ কোটি টকাৰ আফিং জব্দ কৰিবলৈ জব্দ কৰিবলৈ সক্ষম হয়।

দেওবাৰে পুৱা গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে প্ৰায় দহ কোটি টকাৰ আফিং জব্দ কৰিবলৈ জব্দ কৰিবলৈ সক্ষম হয়।

  • Share this:
আৰক্ষী–প্ৰশাসন যিমানেই সষ্টম হৈছে ড্ৰাগছ মাফিয়াই সেইদৰে লৈছে নিত্য নতুন পথ। প্ৰশাসনৰ আগে আগে দৌৰিছে  ড্ৰাগছ মাফিয়াই। প্ৰশাসন বা অসম আৰক্ষী কঠোৰ হোৱা সত্ত্বেও ড্ৰাগছ বা নিচাজাতীয় দ্ৰব্য ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ ৰোধ কৰিব পৰা নাই। নিত্য নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছ মাফিয়াই নিচাজাতীয় দ্ৰব্য ৰাজ্যৰ মাজেৰে সৰবৰাহ অব্যাহত ৰাখিছে। বহিঃৰাজ্যৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথক কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে ড্ৰাগছ মাফিয়াসকলে। দেওবাৰে পুৱা গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে প্ৰায় দহ কোটি টকাৰ আফিং জব্দ কৰিবলৈ জব্দ কৰিবলৈ সক্ষম হয়।

এক গোপন সূত্ৰৰ পম দেখি গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তাৰ নিৰ্দেশত শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে আজি পুৱা ৬ মান বজাত হাৰাপুটাৰ সমীপত নিউটাউনত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা PB 10 FV 0167 নম্বৰৰ এখন ট্ৰাক পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল লালহেমছেঙৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গাড়ীখনক শিমুলটাপু আৰক্ষী চকীলৈ লৈ আনে। পাছত আৰক্ষীয়ে অনুসন্ধান চলাই ট্ৰাকখনৰ তেল টেংকাৰৰ পৰা নিষিদ্ধঘোষিত আফিঙৰ ২০টা পেকেট উদ্ধাৰ কৰে। আৰক্ষীৰ উমান পাই ট্ৰাক খনৰ চালক পলাই সাৰে। শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষী জোৱান মুক্তাৰ আলীৰ বিশেষ তৎপৰতাত শিমুলটাপু আৰক্ষীয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা ১৯ কেজি পাঁচশ গ্ৰাম নিষিদ্ধ ড্ৰাগছৰ বজাৰ মূল্য প্ৰায় দহ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও শিমুলটাপু আৰক্ষী চকীৰ জোৱান মুক্তাৰ আলীৰ বিশেষ তৎপৰতাত প্ৰায় চাৰি কোটি টকাৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছিল। সময়ে সময়ে আন্তঃৰাজ্যিক সীমান্ত শ্ৰীৰামপুৰত স্থাপিত শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।
Published by: Sanjay Kumar Das
First published: October 10, 2021, 1:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি