• Home
  • »
  • News
  • »
  • assam
  • »
  • জখলাবন্ধাত আৰক্ষীয়ে খেদি খেদি জব্দ কৰিলে গৰু ভৰ্তি বাহন

জখলাবন্ধাত আৰক্ষীয়ে খেদি খেদি জব্দ কৰিলে গৰু ভৰ্তি বাহন

অবৈধ গো-ধন সৰবৰাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰু অবৈধ সৰবৰাহ। নিশা হ'লেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উজনিৰ পৰা নামনিলৈ চলে গৰুৰ অবৈধ সৰবৰাহ।

  • Share this:
অবৈধ গো-ধন সৰবৰাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰু অবৈধ সৰবৰাহ। নিশা হ'লেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উজনিৰ পৰা নামনিলৈ চলে গৰুৰ অবৈধ সৰবৰাহ। আৰক্ষীৰ চকুত ধুলি দি একাংশই চলাই গৈছে গৰুৰ চোৰাং বেহা। তাৰ বিপৰীতে  চোৰাং গো-ধন সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে কলিয়াবৰ মহকুমা আৰক্ষী। ধাৰাবাহিকভাৱে অভিযান চলাই জব্দ কৰিছে ইখনৰ পিচত সিখন গৰুভৰ্তি বাহন।

শুকুৰবাৰে নিশা জখলাবন্ধাত আৰক্ষীয়ে খেদি খেদি জব্দ কৰিলে গৰু ভৰ্তি বাহন। গোপন খবৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই নিশা খেদি খেদি চিকনী চাহ বাগিছা পথৰ পৰা জব্দ কৰে AS 02- BC 5615 নম্বৰৰ এখন গৰু ভৰ্তি বলেৰ' পিক-আপ বাহনখন।

জব্দকৃত বাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ১১ টাকৈ গো-ধন।  বোকাখাতৰ পৰা নগাঁও অভিমুখে আহি থকা অৱস্থাত আৰক্ষীয়ে খেদি খেদি জব্দ কৰে গৰু ভৰ্তি বাহনখন। অৱশ্যে গৰু সৰবৰাহৰ লগত জড়িত এজনকো কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল আৰক্ষী। আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি গৰুভৰ্তি বাহন এৰি পলায়ন কৰে গৰু সৰবৰাহকাৰী দলটো। জখলাবন্ধা আৰক্ষীয়ে উদ্ধাৰ গৰুসমুহ নগাওঁ গৌ-শালালৈ প্ৰেৰণ কৰে।
Published by:Himangshu Bhuyan
First published: