মুখ্যপৃষ্ঠা »খবৰ »অসম »নগাঁও যোগান বিভাগৰ নীৰৱতাৰ সুযোগ একাংশ অসাধু লোকৰ; ডবকালৈ সৰবৰাহৰ বাবে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ চাউল জব্দ

নগাঁও যোগান বিভাগৰ নীৰৱতাৰ সুযোগ একাংশ অসাধু লোকৰ; ডবকালৈ সৰবৰাহৰ বাবে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ চাউল জব্দ

বিভাগীয় কৰ্তৃপক্ষৰ নীৰৱতাৰ বিপৰীতে আৰক্ষীয়ে অভিযান চলাই চোৰাংকৈ বিক্ৰীৰ বাবে মজুত ৰখা চৰকাৰী চাউল জব্দ কৰিবলৈ সক্ষম হয়। 

বিভাগীয় কৰ্তৃপক্ষৰ নীৰৱতাৰ বিপৰীতে আৰক্ষীয়ে অভিযান চলাই চোৰাংকৈ বিক্ৰীৰ বাবে মজুত ৰখা চৰকাৰী চাউল জব্দ কৰিবলৈ সক্ষম হয়। 

  • Share this:
দৰিদ্ৰ পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে বিনামূলীয়া অথবা সুলভ মূল্যত যোগান ধৰা চাউলক লৈ সময়ে সময়ে কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । আনহাতে নগাঁৱত দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে আৱণ্টন দিয়া চাউলৰ ক'লা ব্যৱসায় চলি অহাৰ তথ্যও সময়ে সময়ে উন্মোচিত হৈ আহিছে।  নগাঁৱৰ বেবেজীয়া আৰক্ষীয়ে আজি চলোৱা এক অভিযানত চৰকাৰী চাউলৰ চোৰাং বেহাৰ তথ্য পোহৰলৈ আহে।

নগাঁও যোগান বিভাগৰ নীৰৱতাৰ সুযোগ গ্ৰহণ কৰি চৰকাৰী চাউল বিতৰণত জড়িত একাংশ লোকে মধ্যভোগীৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ বাবে আৱণ্টিত চাউলৰ চোৰাং ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। বিভাগীয় কৰ্তৃপক্ষৰ নীৰৱতাৰ বিপৰীতে আৰক্ষীয়ে অভিযান চলাই চোৰাংকৈ বিক্ৰীৰ বাবে মজুত ৰখা চৰকাৰী চাউল জব্দ কৰিবলৈ সক্ষম হয়। নগাঁৱৰ বেবেজীয়া আৰক্ষী চকীৰ এটা দলে আজি এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই এটা মিলৰ পৰা জব্দ কৰে ৭৬ বস্তা চৰকাৰী চাউল। জানিব পৰা মতে নগাঁৱৰ দক্ষিণপাট সত্ৰৰ সমীপৰ এটা মিলত চৰকাৰী চাউল মজুত ৰখাৰ তথ্য লাভ কৰি আৰক্ষীয়ে  মিলটোত অভিযান চলায়। অভিযানত আৰক্ষীৰ দলটোৱে চাউলৰ বস্তাসমূহ জব্দ কৰাৰ উপৰিও এ এছ ০২ চি চি ৭৫৮৫ নম্বৰৰ এখন ডি আই বাহনো জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে চৰকাৰী চাউলৰ চোৰাং বেহাত জড়িত থকাৰ অভিযোগত পুতুল আলী নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰে। জব্দকৃত চাউলসমূহ হোজাই জিলাৰ ডবকালৈ সৰবৰাহৰ বাবে মজুত ৰখা বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।

শেহতীয়া বাতৰি