যোৰহাট নগৰৰ এ টি ৰোডৰ ট্ৰাক ষ্টেণ্ডৰ এন আৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰীক ধন দাবী কৰি গুলীয়াই আহত কৰা দুই ডকাইতৰ এজনক সাহসেৰে কৰায়ত্ত কৰা বিতোপন বৰা নামৰ যুৱকজনক পুৰস্কৃত কৰিলে যোৰহাট আৰক্ষীয়ে।
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশত পুৰস্কাৰ হিচাপে ৫০ হাজাৰ টকা বিতোপন বৰাক সোমবাৰে বিয়লি প্ৰদান কৰে যোৰহাট আৰক্ষীয়ে।
উল্লেখ্য, দুই ডকাইতে এন আৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীক গুলীয়াই উধাও হ'ব খোজাত কৰ্মচাৰীগৰাকীৰ চিঞৰ শুনি বৰাই সাহসেৰে কৰায়ত্ত কৰিছিল হাতত মাৰণাস্ত্ৰ লৈ থকা প্ৰাঞ্জল বৰা নামৰ ডকাইতজনক। ইপিনে দেওবাৰে পুৱতিনিশা প্ৰাঞ্জল বৰাই পলায়নৰ চেষ্টা কৰাত আৰক্ষীৰ এনকাউণ্টাৰৰ সন্মুখীন হৈ এতিয়া চিকিত্সাধীন হৈ আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|