
অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কেহেৰুৱা গাঁৱৰ পাগলাদিয়া নৈৰ পাৰৰ বালি চাপৰিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ Laboratory Technicianৰ মৃতদেহ। ৰঙিয়াৰ উদিয়ানাৰ মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। আৰক্ষীৰ জালত পৰিছে
মহিলাগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা তিনি নৰপিশাচ। অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সহস্ৰাধিক ৰাইজৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো পাগলাদিয়া নৈৰ পাৰৰ পৰা উদ্ধাৰ কৰে। এই ঘটনাই সমগ্ৰ কামৰূপ আৰু নলবাৰী জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা তিনি অভিযুক্ত হৈছে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবৰীৰ জগদীশ দাস, কহাৰতোলাৰ চন্দন দাস আৰু কেহেৰুৱাৰ সঞ্জিত কলিতা। জানিব পৰা মতে, ৰঙিয়া থানাৰ অন্তৰ্গত উদিয়ানাৰ এগৰাকী বাদ্যযন্ত্ৰীৰ পত্নীয়ে বাইহাটা চাৰিআলিৰ বিহদিয়াৰ মাকৰ ঘৰৰ পৰা আহি থকা অৱস্থাত যোৱা ২৯ ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। সেই সন্দৰ্ভত পৰিয়ালৰ লোকে বাইহাটা চাৰিআলি আৰক্ষী থানা আৰু ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছিল। ৰঙিয়া আৰক্ষী আৰু বাইহাটা আৰক্ষীয়ে পৃথকে পৃথকে গোচৰ ৰুজু কৰিছিল যদিও মহিলা গৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল। অৱশেষত এক গোপন সূত্ৰৰ পম খেদি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ তৎপৰতাত মূল অভিযুক্ত ঘগ্ৰাপাৰৰ জগদীশ দাস তেওঁৰ বন্ধু চন্দন দাস আৰু চন্দন দাসৰ খুলশালী সঞ্জিত কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জেৰাত তেওঁলোকে স্বীকাৰ কৰা মতে, ২৯ ছেপ্টেম্বৰত দীৰ্ঘদিনীয়া চিনাকি মহিলাগৰাকীক ৰঙিয়াৰ পৰা মাতি আনি পূব নলবাৰী কলেজত হত্যা কৰি মৃতদেহতো কেহেৰুৱাত পাগলাদিয়া নদীৰ পাৰত পুতি থৈছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে তিনি অভিযুক্তক মাৰাথান জেৰা অব্যাহত ৰাখিছে। ইফালে মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|