কেঁচু খান্দোতে ওলাল সাপ, ডকাইতি হোৱা ধন বিচাৰি গৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে অস্ত্ৰ–শস্ত্ৰ

উল্লেখযোগ্য যে ৫ ছেপ্টেম্বৰত গৌৰীপুৰত SBIৰ এজন গ্ৰাহকৰ পৰা ডকাইতে লুটি নিছিল ২ লাখ ৩০ হাজাৰ টকা।

News18-Assam
Updated:September 8, 2019, 11:10 AM IST
কেঁচু খান্দোতে ওলাল সাপ, ডকাইতি হোৱা ধন বিচাৰি গৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে অস্ত্ৰ–শস্ত্ৰ
উল্লেখযোগ্য যে ৫ ছেপ্টেম্বৰত গৌৰীপুৰত SBIৰ এজন গ্ৰাহকৰ পৰা ডকাইতে লুটি নিছিল ২ লাখ ৩০ হাজাৰ টকা।
News18-Assam
Updated: September 8, 2019, 11:10 AM IST
জ্যোতিৰ্ময় চক্ৰৱৰ্তী : ধুবুৰী জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ডকাইতে লুটি নিয়া ধন বিচাৰিবলৈ গৈ আৰক্ষীয়ে জব্দ কৰিলে অত্যাধুনিক মাৰণাস্ত্ৰ। উল্লেখযোগ্য যে ৫ ছেপ্টেম্বৰত গৌৰীপুৰত SBIৰ এজন গ্ৰাহকৰ পৰা ডকাইতে লুটি নিছিল ২ লাখ ৩০ হাজাৰ টকা। জাফৰ আলী নামৰ লোকজনৰ পৰা মটৰ চাইকেলত অহা দুৰ্বৃত্তই লুটি নিছিল ধনখিনি। ঘটনা সন্দৰ্ভত গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী লোকজনে। ১১২৯/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছিল ঘটনাৰ তদন্ত।

জানিব পৰা মতে, আৰক্ষীৰ তদন্তত আফজালুৰ ৰহমান নামৰ এজন লোকৰ নাম পোহৰলৈ আহিছিল। ৰহমানক কৰায়ত্ত কৰি সোধা–পোছাৰ পিছত ধুবুৰীৰ চহৰৰ পাৰ্শ্বৱৰ্তী জনৈক বদৰুদ জামান নামৰ এজন যুৱকৰ নাম প্ৰকাশ কৰিছিল। সেইমৰ্মে, গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যুৱকজনৰ ঘৰত চলোৱা হৈছিল অভিয়ান৷ এই অভিযানতে যুৱকজনৰ ঘৰত উদ্ধাৰ হয় এটা চাইনীজ পিষ্টল৷

আৰক্ষী অহাৰ উমান পাই বদৰুদ নামৰ যুৱকজনে ঘৰৰ খিৰিকীৰে পলায়ন কৰে। যুৱকজন পলায়ন কৰাৰ পিছতে মাতৃয়ে পিষ্টলটো লুকুৱাবলৈ চেষ্টা চলাইছিল যদিও আৰক্ষীৰ চকুত ধৰা পৰে। আৰক্ষীয়ে পিষ্টলটোৰ লগতে নগদ ২৫ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বদৰুদ জামানৰ মাতৃক আটক কৰিছে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি