বৰপেটাৰোড, ৪ মে’: বাক্সা জিলাৰ শালবাৰী মহকুমা আৰক্ষী বিষয়া নিলোৎপল শইকীয়াৰ নেতৃত্বত চলা এক অভিযানত জব্দ কোটি কোটি টকাৰ ৰাজসাহাৰ্য্যযুক্ত ৰাসায়নিক সাৰ। ৰাসায়নিক সাৰৰ চোৰাং বেহাৰ সৈতে জড়িত নায়েব আলী পলাতক ।
ৰাজ্যত অব্যাহত আছে ৰাজ সাহায্যযুক্ত বগা সাৰৰ কলা বেহা। যোৱা নিশা গোপন তথ্যৰ ভিত্তিত ইউৰীয়া সাৰ ভৰ্তি AS 15C 6780 নম্বৰৰ বলেৰো পিক আপ ভান এখন নাকা চেকিংত শিমালাগুৰী পহৰা চকীৰ আৰক্ষীয়ে আটক কৰে। এই ঘটনাৰ আলম লৈ পিছত বাক্সা আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰোডৰ ৰাজু পথত থকা নায়েব আলী নামৰ লোক এজনৰ নিজ গৃহত থকা গুদামৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ ভাৱে মজুত কৰি ৰখা ৰাসায়নিক সাৰ জব্দ কৰে। আৰক্ষীয়ে নায়েৱ আলীৰ বাসগৃহ আৰু গুদামৰ পৰা ইউৰীয়া ১০৫০ বেগ, ডিএপি(IPL)২২০০বেগ, এম,ও,পি(IPL)-২৫০০বেগ, এছ,এছ,ৱাই- ৮০০ বেগ,ভিটামিন ৪০০বেগ, ফুৰাদন ১০৫০, খালি বেগ ১০,০০০খন, ৫ কার্টুন ইন্দোফিল লগতে ভাৰত ডি এ পি, তাৰা -চি এন কেলচিয়াম,কাঞ্চন চুপাৰ ফচফেট, মহাৰাষ্ট্ৰ বীজ, বাঘ মাৰ্কা পাট বীজআদি কৰি ১০টা কোম্পানীৰ সাৰৰ খালী পেকেটৰ লগতে অৰ্জুন গোল্ড চৈয়েলৰ লগতে ওজন কটা, পেকেজিং মেচিনৰ লগতে বহুতো অপত্তিজনক সা-সামগ্ৰী লগতে এখন বলেৰো পিক আপ ভেন জব্দ কৰাৰ লগতে চালক হেণ্ডিমানক আটক কৰে।
জানিব পৰা মতে পত্নী জিলা পৰিষদৰ প্ৰাক্তন সদস্য আছিল, নায়েব আলী যোৱাৰ বিধানসভাৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী আছিল।নায়েব আলীৰ বৰপেটাৰোডৰ পাচলি বজাৰত চাহীনা এগ্ৰো এজেঞ্চি নামৰ এখন সাৰৰ দোকান আছে। নায়েব আলীৰ বাসগৃহৰ লগতে গুদামত বৰপেটা আৰক্ষী আৰু বাক্সা আৰক্ষীয়ে উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও সাংবাদিকৰ আগত কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই।
- First Published :