বাৰে বাৰে বুজালেও নুবুজাসকলক লাঠিৰে বুজালে আৰক্ষীয়ে

News18 Assam | News18-Assam
Updated:March 25, 2020, 12:39 PM IST
বাৰে বাৰে বুজালেও নুবুজাসকলক লাঠিৰে বুজালে আৰক্ষীয়ে
বিভিন্ন অজুহাতত লকডাউন ভংগ কৰি ওলাই অহা দেখা গ’ল ৰাজপথলৈ। তেনে একাংশ লোকক আৰক্ষীয়ে বিহিলে কঠোৰ শাস্তি।

বিভিন্ন অজুহাতত লকডাউন ভংগ কৰি ওলাই অহা দেখা গ’ল ৰাজপথলৈ। তেনে একাংশ লোকক আৰক্ষীয়ে বিহিলে কঠোৰ শাস্তি।

  • Share this:
মহামাৰী কোৰোণাৰ পৰা পৰিত্ৰাণ পাবলৈ মঙলবাৰৰ পৰা ২১ দিনৰ বাবে সমগ্ৰ দেশতে লকডাইন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। জৰুৰীকালীন সেৱাৰ বাদে সকলো লোকক এই দিনকেইটা ঘৰতে থাকি কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনাইছিল মোদীয়ে।

কিন্তু একাংশ কাণ্ডজ্ঞানহীন লোকে যেন কোনো কথাই কেৰেপ নকৰে। বিভিন্ন অজুহাতত লকডাউন ভংগ কৰি ওলাই অহা দেখা গ’ল ৰাজপথলৈ। তেনে একাংশ লোকক আৰক্ষীয়ে বিহিলে কঠোৰ শাস্তি।

অসমৰ একাংশ লোকে লক ডাউনকো মুঠেই কেৰেপ কৰা নাই। অসমৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটীতো বুধবাৰে পুৱা বহু যুৱকক ৰাজপথত টিঘিলঘিলাই ঘূৰি ফুৰা দেখা পোৱা গৈছিল।



লকডাউনৰ সময়তো মহানগৰীত অনাই বনাই ঘূৰি ফুৰা যুৱকক শাস্তি দি হ’লেও ঘৰলৈ পঠিয়াবলৈ চেষ্টা কৰিলে আৰক্ষীৰ লোকে। তলাবন্ধৰ সময়ত ৰাজ্যৰ একাংশ লোকে কৰা এই অতপালিত অসন্তুষ্টি ব্যক্ত কৰিছে সচেতন মহলে।



মঙলবাৰে নিশাও মহানগৰীৰ বিভিন্ন প্ৰান্তত বহু লোক ঘৰৰ বাহিৰলৈ ওলাই অহা দেখা গ’ল। আৰক্ষীয়ে লোকসকলক খেদি পঠিয়াবলৈ লাঠিচালনা কৰিবলগীয়া হয়।



ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢেকীয়াজুলিতো লকডাউন ভংগ কৰা লোকক আৰক্ষীয়ে দিলে এশিকনী। প্ৰধানমন্ত্ৰীৰ আহ্বানলৈও কেৰেপ নকৰা একাংশৰ পিঠিত পৰিল আৰক্ষীৰ লাঠিৰ কোব।
আৰু চাওক
পৰৱৰ্তী বাতৰি