বজাৰগৃহত চলিছে এটা আৰক্ষী চকী, কিহৰ বাবে বজাৰগৃহত চলাবলগীয়া হৈছে কাম–কাজ?

News18 Assam | News18-Assam
Updated:July 1, 2020, 9:38 AM IST
বজাৰগৃহত চলিছে এটা আৰক্ষী চকী, কিহৰ বাবে বজাৰগৃহত চলাবলগীয়া হৈছে কাম–কাজ?
পুতিগন্ধময় পৰিৱেশত কাম–কাজ কৰিব নোৱাৰি বৰ্তমান সমীপৰ এটা বজাৰ গৃহতে অস্থায়ীভাৱে কামকাজ চলাব লগা হৈছে আৰক্ষীৰ লোকসকলে ।

পুতিগন্ধময় পৰিৱেশত কাম–কাজ কৰিব নোৱাৰি বৰ্তমান সমীপৰ এটা বজাৰ গৃহতে অস্থায়ীভাৱে কামকাজ চলাব লগা হৈছে আৰক্ষীৰ লোকসকলে ।

  • Share this:
যোৰহাটৰ এটা গুৰুত্বপূৰ্ণ আৰক্ষী চকীৰ কাম–কাজ বৰ্তমান চলাব লগা হৈছে এটি বজাৰ গৃহৰ পৰা। আৰক্ষীৰ লোকসকল থাকিবলৈ, বহিবলৈ সুব্যৱস্থা নাই এই আৰক্ষী চকীটোত। ফলত অতি কষ্টৰ মাজেৰে কৰ্তব্য সমাপন কৰি যাব লগা হৈছে এইসকল আৰক্ষীয়ে।
যোৰহাটৰ তিতাবৰ মহকুমাৰ বেকাজান আৰক্ষী চকীৰ ভৱনটো এজাক বৰষুণতে পানীত ডুব যায়। ফলত এইবাৰ বাৰিষা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰক্ষী চকীটোত।

আৰক্ষী চকীটোৰ ভিতৰত পানী আৰু গেলা বোকা। পুতিগন্ধময় পৰিৱেশত কাম–কাজ কৰিব নোৱাৰি বৰ্তমান সমীপৰ এটা বজাৰ গৃহতে অস্থায়ীভাৱে কামকাজ চলাব লগা হৈছে আৰক্ষীৰ লোকসকলে । নগালেণ্ড সীমান্তৰ এই আৰক্ষী চকীটোত কৰ্তব্য সমাপন কৰি থকা লোকসকলে অশেষ কষ্টৰ মাজেৰে বসবাস কৰিব লগা হৈছে।

উল্লেখযোগ্য যে কিছু নিলগতে থকা পাহাৰত কৰা কয়লা খননৰ ফলত পাহাৰৰ পৰা বৈ অহা কয়লা মিশ্ৰিত বোকা মাটিয়ে সমীপৰ এটা জান পুতি পেলোৱাৰ লগতে পুতি পেলাইছিল বিশাল পৰিসৰৰ কৃষিভূমি। বেকাজান আৰক্ষী চকীৰ চৌহদো পুতি পেলাইছিল এই পাহাৰৰ পৰা বৈ অহা মাটিয়ে। এই সন্দৰ্ভত News18ত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল যদিও কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে সংশ্লিষ্ট কৰ্তৃপক্ষই।

"পূৰ্বতে আমাৰ অঞ্চলটোত এই সমস্যা নাছিল। নাগালেণ্ডৰ পাহাৰত বিগত কিছু বছৰৰ পৰা আৰম্ভ কৰা কয়লা খননৰ ফলতে সৃষ্টি হৈছে এই পৰিস্থিতিৰ। কয়লা খনিৰ পৰা বাগৰি অহা বোকা মাটিয়ে বহু খেতিয়কৰ কৃষিভূমি পুতি পেলালে। বেকাজানটোও পুতি পেলালে। আৰক্ষী চকীৰ চৌহদটোও পুতি পেলাইছিল। কিন্তু কোনেও এই বিষয়টোত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই।", স্থানীয় সচেতন ব্যক্তি প্ৰদীপ গগৈয়ে এনেদৰে কয়।

আনহাতে, এই সন্দৰ্ভত অৱগত কৰা হৈছিল অসম আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক। এই আৰক্ষী চকীটো অসম আৰক্ষীৰ পঞ্জীয়নভুক্ত আৰক্ষী চকী নহয় বাবে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বুলি জানিবলৈ দিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ পৰা সহায়–সহযোগ বিছাৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

"এইটো পঞ্জীয়ন ভুক্ত আৰক্ষী চকী নহয়। আমি পঞ্জীয়নভুক্ত আৰক্ষী চকীসমূহৰ নিৰ্মাণৰ ক্ষেত্ৰতহে অগ্ৰাধিকাৰ দিও। এইটো আৰক্ষী চকীৰ ক্ষেত্ৰত ৰাইজে অলপ সহযোগ কৰিলে ৰাইজৰ সহায়ত আমি কিবা ব্যৱস্থা কৰিব পাৰো।", আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে  এনেদৰে কয়।

এই আৰক্ষী চকীটোৱেই নহয়, অঞ্চলটোৰ বোকা মাটিয়ে পুতি পেলোৱা কৃষিভূমিৰ প্ৰতিও উদাসীন স্থানীয় প্ৰশাসন। কৃষিকৰ্মৰ বাবে বিখ্যাত তিতাবৰ সমষ্টিৰ বেকাজান অঞ্চলৰ বৃহৎ কৃষিভূমি তথা এটা জান পাহাৰৰ কয়লা খনিৰ পৰা বৈ অহা বোকা মাটিয়ে পুতি পেলোৱাৰ পিছতো কিন্তু এই ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহৰি নাই চৰকাৰৰ বৰমূৰীয়াসকলৰ।
First published: July 1, 2020, 9:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading