মঞ্চত বিশেষ শৈলীৰে 'জিলেলে জিলেলে' গীত গাই ভাইৰেল হ'ল এগৰাকী আৰক্ষী বিষয়া, Video Viral

News18 Assam | News18-Assam
Updated:February 22, 2021, 6:24 PM IST
মঞ্চত বিশেষ শৈলীৰে 'জিলেলে জিলেলে' গীত গাই ভাইৰেল হ'ল এগৰাকী আৰক্ষী বিষয়া, Video Viral
ৰাজ্যত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এই ভিডিও।

ৰাজ্যত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এই ভিডিও।

  • Share this:
"য়ে হামাৰী কাৰ হে , য়ে হম হে ঔৰ য়ে হামাৰী পাৰী হো ৰাহি হে..."  ছচিয়েল মিডিয়াত শেহতীয়াকৈ খলকনি লগাইছে এই বিশেষ পষ্টটোৱে। বিভিন্ন জনে "পাৰী হো ৰাহি হে" ক লৈ নিজস্ব ভাবে তৈয়াৰ কৰিছে ভিডিও।

ৰাজ্যত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এই ভিডিও। এগৰাকী আৰক্ষী বিষয়াই মঞ্চত "জিলেলে জিলেলে " গীতটো নিজস্ব শৈলীৰে গাই নৃত্য কৰা এটি ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈছে।



আৰক্ষী বিষয়াগৰাকীয়ে নৃত্য কৰা মঞ্চৰ পিছফালে থকা বেনাৰত লিখা অনুসৰি এই অনুষ্ঠান হৈছে মাদুলীঝাৰ সমাজ কল্যাণ পুথিভঁৰালৰ প্ৰতিষ্ঠা দিৱস উদযাপন। এই বছৰতে শেহতীয়াকৈ অনুষ্ঠিত হৈছিল এই অনুষ্ঠান। মঞ্চত ডিঙিত গামোচা লৈ আৰক্ষী বিষয়াগৰাকীয়ে বিশেষ শৈলীৰে গোৱা গীত আৰু নৃত্যৰ ভিডিঅ'ই বিভিন্নজনক আমোদ দিছে। আৰক্ষী বিষয়াগৰাকীৰ গীত পৰিৱেশনৰ ধৰণ দেখি হাঁহি ৰখাব পৰা নাই মঞ্চত থকা বাদ্যযন্ত্ৰ শিল্পীসকলেও। ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিও।
Published by: Himangshu Bhuyan
First published: February 22, 2021, 6:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি