পুনৰ আৰক্ষী থানাৰ ভিতৰতে আত্মাহত্যা কৰিলে আৰক্ষীয়ে। ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে আৰক্ষীৰ এগৰাকী বিষয়াই। এই ঘটনা তিনিচুকীয়া আৰক্ষী থানাত সংঘটিত হৈছে (Police Officer Suicide in Tinsukia)।
কৰ্মৰত অৱস্থাত থকা আৰক্ষী বিষয়াগৰাকী যানবাহন শাখাৰ সহকাৰী উপ-পৰিদৰ্শকৰ দায়িত্বত আছিল। তেওঁৰ নাম দীন সোণোৱাল। ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীওৱা সোণোৱালক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তেওঁ মৃত্যুবৰণ কৰে।
জানিব পৰা মতে, মাকুম লাইনাৰ বাসিন্দা দীন সোণোৱালে শেহতীয়াকৈ তিনিচুকীয়াৰ জানমুখত ঘৰ-বাৰী সাজি নিগাজিকৈ থাকিবলৈ লৈছিল। পত্নী, এগৰাকী পুত্ৰ আৰু এজনী কন্যা সন্তানৰ পিতৃ সোণোৱালে কি কাৰণে আত্মহত্যাৰ পথ বাছি ল'লে সেয়া এইপৰ্যন্ত জানিব পৰা হোৱা নাই ।
ইফালে সোণোৱালৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত শৱদেহৰ সৎকাৰ কৰা হ'ব । স্মৰ্তব্য যে তিনিচুকীয়া যান-বাহন আৰক্ষীত যোগদান কৰাৰ পূৰ্বে সোণোৱাল পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিয়োজিত আছিল।
যান-বাহন বিভাগৰ দায়িত্ববাহী দীন সোণোৱালে কিয় আত্মহত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|