• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰপেটাত স্বাস্থ্য বিভাগৰ দায়িত্বহীন কাণ্ড! কোভিড পজিটিভ ওলোৱাৰ ৬ দিন পিছতো হাস্পতালত ভৰ্তি নকৰালে আৰক্ষী বিষয়াক

বৰপেটাত স্বাস্থ্য বিভাগৰ দায়িত্বহীন কাণ্ড! কোভিড পজিটিভ ওলোৱাৰ ৬ দিন পিছতো হাস্পতালত ভৰ্তি নকৰালে আৰক্ষী বিষয়াক

বৰপেটা সদৰ থানাৰ উপ–পৰিদৰ্শক বকুল ইংতি ৫ জুলাইত আক্ৰান্ত হৈছিল কোৰোণাত৷

বৰপেটা সদৰ থানাৰ উপ–পৰিদৰ্শক বকুল ইংতি ৫ জুলাইত আক্ৰান্ত হৈছিল কোৰোণাত৷

বৰপেটা সদৰ থানাৰ উপ–পৰিদৰ্শক বকুল ইংতি ৫ জুলাইত আক্ৰান্ত হৈছিল কোৰোণাত৷

  • Share this:
কোৰোণা ৰোগীক লৈ বৰপেটাত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড ৷ কোভিড পজিটিভ চিনাক্ত এজন আৰক্ষী বিষয়াক ৬দিন পিছতো স্বাস্থ্য বিভাগে ভৰ্তি নকৰালে হাস্পতালত। আনকি স্বাস্থ্য বিভাগে লোৱা নাই কোনো খবৰো৷ এই ঘটনাক লৈ বৰপেটাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷

বৰপেটা সদৰ থানাৰ উপ–পৰিদৰ্শক বকুল ইংতি ৫ জুলাইত আক্ৰান্ত হৈছিল কোৰোণাত৷ কোকৰাঝাৰৰ কোভিড জ'নেল স্ক্ৰীণিং চেণ্টাৰত প্ৰায় দুমাহ ধৰি কৰ্তব্যত নিয়োজিত বকুল ইংতিৰ নমুনা পৰীক্ষাৰ ফলাফলত আহিছিল পজিটিভ৷ কিন্তু ৫ জুলাইতে কোভিড পজিটিভ চিনাক্ত হোৱা বকুল ইংতিৰ আজিলৈকে স্বাস্থ্য বিভাগে লোৱা নাই কোনো খবৰ৷

ইপিনে উপ–পৰিদৰ্শকজনক চিকিৎসাৰ কোনো ব্যৱস্থা হাতত নোলোৱাক লৈ বৰপেটা আৰক্ষীও হৈ থাকিল মৌন৷ ফলত ৫ জুলাইৰ পৰা আৰক্ষীৰ উপ–পৰিদৰ্শকজনে সুৰক্ষামূলক ব্যৱস্থা হিচাপে নিজেই হোম কোৱাৰেণ্টাইন হৈ আছে৷ সাংবাদিকৰ আগত তেওঁ অকপটে স্বীকাৰো কৰিলে ৫ তাৰিখৰ পৰা তেওঁ এনেদৰে ৰৈ থকাৰ কথা৷

আৰক্ষীৰ উপ–পৰিদৰ্শকজনৰ ক্ষেত্ৰত সংঘটিত এই ঘটনাই উদঙাই দিছে কোৰোণাৰ ক্ষেত্ৰত কিমান সজাগ, সচেতন বৰপেটাৰ স্বাস্থ্য বিভাগ৷ কোভিড পজিটিভ চিনাক্ত হোৱাৰ ৬ দিনলৈকে আৰক্ষীৰ উপ–পৰিদৰ্শকজনক কি কাৰণত হাস্পতালত ভৰ্তি কৰা হোৱা নাই সেই সম্পৰ্কে নিমাত স্বাস্থ্য বিভাগ৷
Published by:Sanjay Kumar Das
First published: