মুখ্যপৃষ্ঠা » খবৰ

» অসম

»এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা, নিজেই পিপিই কিট পিন্ধি হাস্পতাললৈ নিলে ৰোগীক

এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা, নিজেই পিপিই কিট পিন্ধি হাস্পতাললৈ নিলে ৰোগীক

News18 Assam | News18-Assam
Updated:May 23, 2021, 2:06 PM IST
এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা, নিজেই পিপিই কিট পিন্ধি হাস্পতাললৈ নিলে ৰোগীক
ধালিগাঁও ছাতিপুৰৰ স্থানীয় ছাদ্দাম হুছেইন নামৰ লোক এজনে শ্বাস–প্ৰশ্বাসজনিত সমস্যাৰ বাবে জিলাখনৰ আৰক্ষী হেল্প লাইনত ফোন কৰি সহায় বিচাৰে ৷

ধালিগাঁও ছাতিপুৰৰ স্থানীয় ছাদ্দাম হুছেইন নামৰ লোক এজনে শ্বাস–প্ৰশ্বাসজনিত সমস্যাৰ বাবে জিলাখনৰ আৰক্ষী হেল্প লাইনত ফোন কৰি সহায় বিচাৰে ৷

  • Share this:
চিৰাঙৰ ধালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ প্ৰশংসনীয় পদক্ষেপ ৷ আৰক্ষী বিষয়াজনৰ তৎপৰতাত প্ৰাণৰক্ষা এজন লোকৰ ৷ ধালিগাঁও ছাতিপুৰৰ স্থানীয় ছাদ্দাম হুছেইন নামৰ লোক এজনে শ্বাস–প্ৰশ্বাসজনিত সমস্যাৰ বাবে জিলাখনৰ আৰক্ষী হেল্প লাইনত ফোন কৰি সহায় বিচাৰে ৷ এই খবৰ লাভ কৰি  ধালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিত দাসে তাৎক্ষণিকভাৱে লোকজনৰ বাসগৃহত উপস্থিত হয় ৷ কিন্তু লোকজন ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ ফলত গেট ভাঙি আৰক্ষীৰ দলে ভিতৰত প্ৰৱেশ কৰে আৰু অকলশৰীয়া লোকজনক উদ্ধাৰ কৰে৷

ইয়াৰে পিছতে সেই স্থানত ১০৮ সেৱাৰ গাড়ী উপস্থিত হয় যদিও গাড়ীখনত এজনহে লোক থকাৰ ফলত অসুস্থ লোকজনক চিকিৎসালয় লৈ নিয়াত সমস্যাৰ সৃষ্টি হয়৷ ইয়াৰ পিছতে সংকটজনক লোকজনক চিকিৎসালয় লৈ নিয়াৰ বাবে আৰক্ষী বিষয়াজনে সহায়ৰ বাবে অগবাঢ়ি আহে৷ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিত দাসে পিপিই কীট পিন্ধি ১০৮ সেৱাৰ কৰ্মচাৰীজনৰ সৈতে মিলি অসুস্থ লোকজনক দাঙি নি বাহনত উঠাই দিয়ে৷

১০৮ সেৱাৰ বাহনেৰে ছাদ্দাম হুছেইনক কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়ত লোকজনৰ দেহত অক্সিজেনৰ পৰিমাণ ৫০ আছিল বুলি জানিব পৰা গৈছে৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কোৰোণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সহায়ৰ বাবে আৰক্ষী প্ৰশাসনক নিৰ্দেশ জাৰি কৰাৰ সময়তে চিৰাঙত আৰক্ষী বিষয়াৰ পদক্ষেপক অঞ্চলবাসীয়ে শলাগ লৈছে৷
Published by: Sanjay Kumar Das
First published: May 23, 2021, 2:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি