
যদি আপোনাৰ পৰা ৰাজ্য চৰকাৰৰ কোনো বিষয়া বা কৰ্মচাৰীয়ে উৎকোচ বিচাৰে, তেন্তে এই নম্বৰত যোগাযোগ কৰি জনাব পাৰে।
যদি আপোনাৰ পৰা ৰাজ্য চৰকাৰৰ কোনো বিষয়া বা কৰ্মচাৰীয়ে উৎকোচ বিচাৰে, তেন্তে এই নম্বৰত যোগাযোগ কৰি জনাব পাৰে।
দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতিত বিশ্বাসী বিজেপি চৰকাৰৰ দিনত ইতিমধ্যে বহুকেইগৰাকী বিষয়া–কৰ্মচাৰী উৎকোচ লোৱাৰ অভিযোগত কাৰাবাসৰ অতিথি হৈছে। কিন্তু চৰকাৰৰ কঠোৰতাৰ মাজতো প্ৰায় নিতৌ ওলাই আছে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ কুকীৰ্তি।
সাধাৰণ কৰ্মচাৰী বা চৰকাৰী বিষয়া পৰ্যায়ৰ চাকৰিয়ালে উৎকোচ লৈ হাতে–লোটে ধৰা পৰাৰ এনে খবৰৰ মাজতে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক জি পি সিঙে অলপতে ৰাইৰ জ্ঞাতাৰ্থে এটা টুইট কৰে। এই টুইটত দিয়া হৈছে বহুকেইটা মোবাইল নম্বৰ তথা ই–মেইল।
যদি আপোনাৰ পৰা ৰাজ্য চৰকাৰৰ কোনো বিষয়া বা কৰ্মচাৰীয়ে উৎকোচ বিচাৰে, তেন্তে এই নম্বৰত যোগাযোগ কৰি জনাব পাৰে। ইয়াৰ পিছতে উৎকোচ লোৱা বিষয়া বা কৰ্মচাৰীৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|