মুখ্যপৃষ্ঠা »খবৰ »অসম »ফাকুৱাৰ আনন্দৰ মাজতে নাজিৰাত অপদস্থ হ'ল আৰক্ষী বিষয়া, কৰ্তব্যৰত আৰক্ষীৰ টুপী কাঢ়িলে উদণ্ড যুৱকে 

ফাকুৱাৰ আনন্দৰ মাজতে নাজিৰাত অপদস্থ হ'ল আৰক্ষী বিষয়া, কৰ্তব্যৰত আৰক্ষীৰ টুপী কাঢ়িলে উদণ্ড যুৱকে 

NZR_8MAR_HOLI_POLICE_ATTACK_NABUL_KONWAR

NZR_8MAR_HOLI_POLICE_ATTACK_NABUL_KONWAR

NZR_8MAR_HOLI_POLICE_ATTACK_NABUL_KONWAR

  • Share this:

আজি আছিল ৰঙৰ উৎসৱ ফাঁকুৱা৷ ফাকুৱাৰ আনন্দৰ মাজতে একাংশ উদণ্ড যুৱকৰ হাতত অপদস্থ হ'ল কৰ্তব্যৰত আৰক্ষী৷ এই ঘটনা শিৱসাগৰ জিলাৰ নাজিৰাৰ, ফাঁকুৱা উদযাপনৰ নামত ৰাজপথতে নাচি-বাগি ফাঁকুৱা উদযাপন কৰি থকাৰ মাজতে কৰ্তব্যৰত আৰক্ষীক অপদস্থ কৰাৰ লগতে আৰক্ষীৰ টুপী কাঢ়িলে মাতাল যুৱকে৷


ইয়াৰ উপৰি মহিলা আৰক্ষীৰ গাত হাত তোলাৰো অভিযোগ কৰিছে আৰক্ষীয়ে। ৰঙৰ উৎসৱ ফাঁকুৱা উদযাপনৰ নামত নাজিৰা নগৰৰ মাজমজিয়াত একাংশ যুৱকে সুৰাপান কৰি মাতাল হৈ নাজিৰা নগৰত সৃষ্টি কৰে এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ। উচ্চ স্বৰত DJ বজাই ফাঁকুৱা উদযাপন কৰি থকাৰ মাজতে যান-বাহন নিয়ন্ত্ৰণৰ বাবে নাজিৰা নগৰত উপস্থিত হয় যান-বাহন আৰক্ষীৰ দল৷


ফাঁকুৱা উদযাপনৰ নামত যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাক নিয়ন্ত্ৰণ কৰিবলৈ গৈ আৰক্ষী অপদস্থ হ'ব লগা হয়৷ উদ্যোক্তাসকলক উচ্চ স্বৰত বজাই থকা DJ বন্ধ কৰাৰ আহ্বান জনাইছিল আৰক্ষীয়ে ৷ আৰক্ষী বিষয়াজনে DJ বন্ধ কৰিবলৈ কোৱাৰ বাবে ৰাজপথত ফাঁকুৱা খেলি থকা একাংশই  আৰক্ষী বিষয়াজনৰ টুপী কাঢ়ি লোৱাৰ লগতে ফাঁকুৱাৰ ৰং সানি কৰ্তব্যৰত আৰক্ষী বিষয়াজনক অপদস্থ কৰাৰ অভিযোগ কৰে আৰক্ষী বিষয়াজনে৷


ইয়াৰ লগতে আৰক্ষীৰ বাহনৰো কিছু ক্ষতি কৰে একাংশই। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে নাজিৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে ৰাজপথত অপদস্থ হোৱা সিং উপাধিৰ আৰক্ষী বিষয়াজনে তেওঁৰ ওপৰত এয়া এক প্ৰতিশোধ পূৰণ বুলিহে মন্তব্য কৰে৷ তেওঁ সংবাদ মাধ্যমক জনোৱা মতে, কৰ্তব্যৰ খাতিৰত নাজিৰা নগৰত পৰিবহণ নীতি-নিয়ম ভংগ কৰা লোকক জৰিমনা বিহাৰ বাবেই এইসকল লোকে তেওঁক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে।

শেহতীয়া বাতৰি