মুখ্যপৃষ্ঠা » খবৰ

» অসম

»চিৰাঙৰ বেংতলত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে চলাবলৈ গৈ শাৰীৰিকভাৱে অপদস্থ আৰক্ষী বিষয়া

চিৰাঙৰ বেংতলত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে চলাবলৈ গৈ শাৰীৰিকভাৱে অপদস্থ আৰক্ষী বিষয়া

News18 Assam | News18-Assam
Updated:April 27, 2021, 1:16 PM IST
চিৰাঙৰ বেংতলত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে চলাবলৈ গৈ শাৰীৰিকভাৱে অপদস্থ আৰক্ষী বিষয়া
চিৰাং জিলাৰ বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ আলী আহমেদৰ সৈতে দেওবাৰে বিয়লি একাংশ উদণ্ড যুৱকে সংঘটিত কৰে এই ঘটনা৷

চিৰাং জিলাৰ বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ আলী আহমেদৰ সৈতে দেওবাৰে বিয়লি একাংশ উদণ্ড যুৱকে সংঘটিত কৰে এই ঘটনা৷

  • Share this:
চিৰাঙত একাংশ যুৱকৰ উদ্ভতালি৷ মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে অভিযান চলোৱা আৰক্ষী বিষয়াৰে হতাহতি একাংশ যুৱকৰ৷ ছচিয়েল মিডিয়াযোগে সামগ্ৰ ঘটনা ভাইৰেল হোৱাৰ পিছত আৰক্ষীয়ে ৰুজু কৰিছে নিজাববীয়া গোচৰ৷

চিৰাং জিলাৰ বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ আলী আহমেদৰ সৈতে দেওবাৰে বিয়লি একাংশ উদণ্ড যুৱকে সংঘটিত কৰে এই ঘটনা৷ বেংতল বজাৰত আৰক্ষী বিষয়াজনৰ নেতৃত্বত যান–বাহনৰ নথি–পত্ৰ পৰীক্ষা আৰু মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ যুৱকৰ দলটোৱে ভিত্তিহীন অভিযোগ উত্থাপন কৰি কৰ্তব্যৰত আৰক্ষী বিষয়াজনক শাৰীৰিকভাৱে অপদস্থ কৰে৷

আৰক্ষীৰ তালাচীৰ সন্মুখীন স্থানীয় এজন যুৱকে অঞ্চলটোত উৰা বাতৰি প্ৰচাৰ কৰি কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণৰ বাবে একাংশক প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’ৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ঘটনাত জড়িতসকলেক চিনিক্তকৰণৰ ব্যৱস্থা কৰিছে৷

ইতিমধ্যে আৰক্ষীয়ে সোধা–পোছৰ বাবে কেইবাজনো লোকক আটক কৰিছে যদিও মূল অভিযুক্ত কেইবাজনো পলাতক বুলি জানিব পৰা গৈছে৷ কোভিড–১৯ৰ ভয়াৱহ পৰিস্থিতিৰ সময়ত ৰাইজৰ স্বাৰ্থত কাম কৰা আৰক্ষী–প্ৰশাসনক সহযোগ কৰাৰ বাবে জিলাবাসীক চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে অনুৰোধ জনাইছে৷
Published by: Sanjay Kumar Das
First published: April 27, 2021, 1:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি