বোকাখাতত চোৰাং চিকাৰীয়ে ঘপিয়ালে আৰক্ষী বিষয়াক

তিনিজনীয়া চোৰাং চিকাৰীৰ এটা দলৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছিল অভিযান।

News18-Assam
Updated:October 2, 2019, 8:23 AM IST
বোকাখাতত চোৰাং চিকাৰীয়ে ঘপিয়ালে আৰক্ষী বিষয়াক
তিনিজনীয়া চোৰাং চিকাৰীৰ এটা দলৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছিল অভিযান।
News18-Assam
Updated: October 2, 2019, 8:23 AM IST
বোকাখাতৰ লখৌজানত নিশা গঁড় চিকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ এটা দলে চলাইছিল অভিযান। এই অভিযানৰ সময়তে চোৰাং চিকাৰীয়ে চোকা অস্ত্ৰৰে ঘপিয়াই আহত কৰে ময়ূৰজ্যোতি গগৈ নামৰ আৰক্ষী বিষয়াজনক। ময়ূৰজ্যোতি গগৈ কমাৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া।

তিনিজনীয়া চোৰাং চিকাৰীৰ এটা দলৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানত জব্দ হয় এটা থ্ৰী নট থ্ৰী ৰাইফল আৰু সজীৱ গুলী। ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় চোৰাং চিকাৰী তিনিটা। আহত আৰক্ষী বিষয়াজনক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি