কোৱাৰেণ্টাইন চেণ্টাৰত সাহায্য দিবলৈ যোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীক আৰক্ষীৰ বাধা

নাগালেণ্ডৰ পৰা খোজ কাঢ়ি আহি মৰিয়নিত উপস্থিত হোৱা প্ৰায় পাঁচ শতাধিক শ্ৰমিকক নকছাৰীৰ কেইবাখনো বিদ্যালয়ত ১৪ দিনৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিছে প্ৰশাসনে।
নাগালেণ্ডৰ পৰা খোজ কাঢ়ি আহি মৰিয়নিত উপস্থিত হোৱা প্ৰায় পাঁচ শতাধিক শ্ৰমিকক নকছাৰীৰ কেইবাখনো বিদ্যালয়ত ১৪ দিনৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিছে প্ৰশাসনে।
- News18 Assam
- Last Updated: April 27, 2020, 1:28 PM IST
উল্লেখ্য যে নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নকছাৰী কনিষ্ঠ মহাবিদ্যালয়, নকছাৰী বালিকা বিদ্যালয়ক কোৱাৰেণ্টাইন গৃহ ৰূপে ব্যৱহাৰ কৰি পাঁচ শতাধিক লোকক তিতাবৰ মহকুমা প্ৰশাসনে কোৱাৰেণ্টাইন কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোকসকলে নূন্যতম সুবিধা নোপোৱাৰো অভিযোগ উত্থাপিত হৈছে।
ইফালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শনিবাৰে কোৱাৰেণ্টাইন গৃহত থকা লোক সকলক বিভিন্ন খাদ্য সামগ্ৰী, শাক পাচলি আদি বিতৰণ কৰিবলৈ গৈছিল যদিও বিধায়কগৰাকীক আৰক্ষীয়ে শিবিৰত প্ৰবেশ কৰাত বাধা প্ৰদান কৰে।