নৈশবাছত মহিলা সাংবাদিকক নিৰ্যাতন চলাই আৰক্ষীৰ জালত এজন

News18-Assam
Updated:September 12, 2019, 8:25 AM IST
নৈশবাছত মহিলা সাংবাদিকক নিৰ্যাতন চলাই আৰক্ষীৰ জালত এজন
গুৱাহাটীৰ পৰা দেৰগাঁৱলৈ গৈ থকা অৱস্থাত বাৰে বাৰে মহিলাগৰাকীক হাৰাশাস্তি কৰি গৈছিল যুৱকজনে।

গুৱাহাটীৰ পৰা দেৰগাঁৱলৈ গৈ থকা অৱস্থাত বাৰে বাৰে মহিলাগৰাকীক হাৰাশাস্তি কৰি গৈছিল যুৱকজনে।

  • News18 Assam
  • Last Updated: September 12, 2019, 8:25 AM IST
  • Share this:
নৈশবাছত সুৰক্ষিত নহয় মহিলা ! এইবাৰ নৈশবাছত নিৰ্যাতিত মহিলা সাংবাদিক । গুৱাহাটীৰ পৰা দুলীয়াজানলৈ নৈশ বাছেৰে আহি থাকোতে মহিলাগৰাকীৰ সৈতে এই অপৰাধ সংঘটিত হয় ।  নিয়মীয়া বাৰ্তা  কাকতৰ  মহিলা সাংবাদিকগৰাকীয়ে গুৱাহাটীৰ পৰা দুলীয়াজানলৈ গৈ থকা অৱস্থাত এটা লম্পটে নিৰ্যাতন চলোৱাৰ অভিযোগ । মহিলা সাংবাদিক গৰাকীৰ কাষৰ চিটত বহা ব্যক্তিজনে মহিলাগৰাকীৰ গাত হাত দিয়াৰ লগতে শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ । ৰাহুল খাটনিয়াৰ নামৰ লম্পটটোক অৱশেষত পুৱতি নিশা প্ৰায় ৩ বজাত দেৰগাওঁ চাৰিআলিত দেৰগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ৰাহুল খাটনিয়াৰৰ ঘৰ গৌৰীসাগৰত বুলি জানিব পৰা যায় । নিশাই মহিলা সাংবাদিক গৰাকীয়ে দেৰগাওঁ থানাত দাখিল কৰে এজাহাৰ।

মহিলা সাংবাদিকক নিৰ্যাতন চলোৱাৰ অভিযোগত দেৰগাওঁ আৰক্ষীৰ জালত পৰা ৰাহুল খাটনিয়াৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি