মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam Police: আৰক্ষীৰ আধুনিকীকৰণ প্ৰসংগ আৰু সীমান্তবাসীৰ সুৰক্ষাত থকা এটা আৰক্ষী চকীৰ দুৰৱস্থা

Assam Police: আৰক্ষীৰ আধুনিকীকৰণ প্ৰসংগ আৰু সীমান্তবাসীৰ সুৰক্ষাত থকা এটা আৰক্ষী চকীৰ দুৰৱস্থা

News18 Assam | News18-Assam
Updated:July 5, 2021, 6:25 PM IST
Assam Police: আৰক্ষীৰ আধুনিকীকৰণ প্ৰসংগ আৰু সীমান্তবাসীৰ সুৰক্ষাত থকা এটা আৰক্ষী চকীৰ দুৰৱস্থা
আৰক্ষী চকীটোত এজন উপ–পৰিদৰ্শকসহ ৪ জন কনিষ্টবলে পাঁচডাল লাখুঁটিকে ভৰসা কৰি অতি কষ্টৰে পালন কৰি আছে দায়িত্ব।

আৰক্ষী চকীটোত এজন উপ–পৰিদৰ্শকসহ ৪ জন কনিষ্টবলে পাঁচডাল লাখুঁটিকে ভৰসা কৰি অতি কষ্টৰে পালন কৰি আছে দায়িত্ব।

  • Share this:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধুনিকীকৰণ প্ৰক্ৰিয়াৰে অসম আৰক্ষীক অধিক গতিশীল কৰি তোলা হ'ব বুলি ঘোষণা কৰাৰ সময়তে পোহৰলৈ আহিছে যোৰহাটৰ মৰিয়নি সমষ্টিৰ চেলেংহাট আৰক্ষী চকীটো, যি প্ৰয়োজনীয় সা–সুবিধাৰ অভাৱত সম্প্ৰতি ঢাল–তৰোৱালবিহীন নিধিৰাম চৰ্দাৰত পৰিণত হৈছে। যি সময়ত মৰিয়নিৰ নাগালেণ্ড সীমান্তত নগা বিদ্ৰোহীয়ে চলোৱা অবিৰত আগ্ৰাসন, আক্ৰমণ আৰু নিপীড়নৰ পৰিপ্ৰেক্ষিতত  নিজ জন্মভূমিতে ভগনীয়া হোৱাৰ উপক্ৰম হৈছে সীমান্তৰ অসমীয়া, তেনে সময়তে অসমৰ এটা আৰক্ষী চকীৰ এই দুৰৱস্থা চিন্তনীয় বিষয়।


 বিভিন্ন সময়ত ধন দাবী, গুলীবৰ্ষণেৰে সীমান্তত নগা বিদ্ৰোহীয়ে প্ৰভুত্ব বিস্তাৰৰ প্ৰচেষ্টা চলাই আহিছে যদিও সীমান্তৰ স্পৰ্শকাতৰ চেলেংহাট আৰক্ষী চকীৰ উন্নয়নৰ কোনো পদক্ষেপে গ্ৰহণ নকৰিলে চৰকাৰে। উল্লেখ্য যে মৰিয়নি সমষ্টিৰ অসম–নাগালেণ্ড সীমান্তবৰ্তী ৰাইজক নিৰাপত্তা প্ৰদানৰ বাবে ২০১০ চনত স্থাপন কৰা হৈছিল চেলেংহাট আৰক্ষী চকী। কিন্তু আলফা, এন এছ চি এনৰ প্ৰভাৱ থকা অঞ্চলটোত বিভিন্ন অত্যাধুনিক মাৰাণাস্ত্ৰৰে সুসজ্জিত বিদ্ৰোহী সংগঠনসমূহৰ বিপৰীতে সীমান্তত কেইডালমান লাখুঁটিক ভৰসা কৰি আজিও চলি আহিছে চেলেংহাট আৰক্ষী চকীটো।


 উল্লেখ্য যে বৈছাহাবি চাহ বাগিচাৰ এটা জৰাজীৰ্ণ আবাসত চলি আহিছে চেলেংহাট আৰক্ষী চকী। মৰিয়নিৰ সীমান্তৱৰ্তী এটা বৃহত্তৰ অঞ্চলৰ লোকৰ নিৰাপত্তাৰ দিশ চোৱাচিতা কৰিব লাগে সীমামূৰীয়া আৰক্ষী চকীটোৱে।  কিন্তু স্পৰ্শকাতৰ অঞ্চলটোৰ প্ৰায় পঞ্চাশ হাজাৰ লোকৰ নিৰাপত্তাৰ বাবে থকা আৰক্ষী চকীটোত এজন উপ–পৰিদৰ্শকসহ ৪ জন কনিষ্টবলে পাঁচডাল লাখুঁটিকে ভৰসা কৰি অতি কষ্টৰে দায়িত্ব পালন কৰিব লগা হৈছে। তদুপৰি চকীটোত অদ্যাপি নাই  অপৰাধী ৰাখিবৰ বাবে লকআপ, আৰ্মছ ডিপো।চকীটোৰ চৌহদৰ বেৰৰ অৱস্থাও তথৈবচ।



উল্লেখ্য যে চেলেংহাট আৰক্ষী চকী নিৰ্মাণৰ বাবে টীয়কস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে ইতিমধ্যে বৈছাহাবি খেলপথাৰৰ সমীপত চৰকাৰী ভূমি আবন্টন দিয়া সত্ত্বেও ৰহস্যজনকভাৱে চকীটো নিৰ্মাণ কৰাৰ লগতে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হোৱা নাই। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্তবাসীৰ নিৰাপত্তাৰ স্বাৰ্থত শীঘ্ৰে চেলেংহাট আৰক্ষী চকীক থানালৈ উন্নীত কৰাৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।

Published by: Gautam Barman
First published: July 5, 2021, 6:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি