শ্বহীদ ভাস্কৰ কলিতালৈ ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা, ১২ আৰক্ষী বিষয়ালৈ উৎকৃষ্ট সেৱা পদক

আলফাৰে সংঘৰ্ষত শ্বহীদ হৈছিল সাহসী আৰক্ষী বিষয়া ভাস্কৰ কলিতা।

News18-Assam
Updated:August 14, 2019, 5:06 PM IST
শ্বহীদ ভাস্কৰ কলিতালৈ ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা, ১২ আৰক্ষী বিষয়ালৈ উৎকৃষ্ট সেৱা পদক
আলফাৰে সংঘৰ্ষত শ্বহীদ হৈছিল সাহসী আৰক্ষী বিষয়া ভাস্কৰ কলিতা।
News18-Assam
Updated: August 14, 2019, 5:06 PM IST
শ্বহীদ ভাস্কৰ কলিতালৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা। মৰণোত্তৰভাৱে কলিতালৈ আগবঢ়োৱা হৈছে এই সন্মান। আলফাৰে সংঘৰ্ষত শ্বহীদ হৈছিল সাহসী আৰক্ষী বিষয়া ভাস্কৰ কলিতা। ৰাজ্যৰ ১২জন আৰক্ষীলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ উৎকৃষ্ট সেৱা পদক। DCP বেদান্ত মাধৱ ৰাজখোৱা, DSP দীজেন চন্দ্ৰ দাস, পৰিদৰ্শক প্ৰফুল্ল বৰ্মন, SI কে বসন্ত সিনহা, ASI অপূৰ্ব শৰ্মা, ASI মুজহাৰুল ইছলাম লস্কৰ, হেড কনিষ্টবল মানৱ সোণোৱাল, নায়ক ৰণ্টু কুমাৰ গগৈ, কনিষ্টবল কৃপাসিন্দু পুৰকায়স্থ, কনিষ্টবল অৱণী কুমাৰ চক্ৰৱৰ্তী, কনিষ্টবল মহেশ্বৰ সোণোৱাল আৰু কনিষ্টবল উত্‍পল জ্যোতি ডেকালৈ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আগবঢ়োৱা হ’ব এই বঁটাসমূহ।
আৰু চাওক পৰৱৰ্তী বাতৰি