সৰিয়হ ডুলিতে ভূত। এইবাৰ ডকাইতিত নামিল আৰক্ষীৰ জোৱান । অভয়াপুৰীৰ দেওহাটীত সংঘটিত হৈছে এই ডকাইতি কাণ্ড। দেওহাটী ৰে'লৱে ক্ৰছিঙত চিমেণ্ট কঢ়িওৱা AS 17B 0259 আৰু AS17B 2392 নম্বৰৰ দুখন ১২ চকীয়া ট্ৰাক ৰখাই ডকাইতি কাৰ্য কৰি থকা অৱস্থাত আৰক্ষীয়ে হাতে–লোটে কৰায়ত্ত কৰে আৰক্ষী জোৱানসহ ৪ জনীয়া যুৱকক।
ধৃত যুৱককেইজন অভয়াপুৰী দেওহাটীৰ কন্দৰ্প দেৱ, সুৰজিৎ ৰায়,মুনীন্দ্ৰ ৰায় আৰু লীলাৱন্ত দেৱ। ধৃত কন্দৰ্প দেৱ 22 IRBN ৰ জোৱান। কলগাছিয়াৰ পৰা যোগীঘোপা অভিমুখী ট্ৰাক দুখনক যুৱকৰ দলটোৱে আগভেটি ধৰি ধন দাবী কৰে ৷
ট্ৰাকচালকে ধন আদায় দিবলৈ অসন্মতি প্ৰকাশ কৰাত চিমেণ্টৰ বস্তাসমূহ লৈ পলায়নৰ চেষ্টা চলাইছিল ৷ সম্প্ৰতি দীপাংকৰ ৰায় নামৰ আন এজন যুৱক পলাতক অৱস্থাত আছে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|