নগাঁও জিলাৰ ৰহাৰ চাপৰমুখত মঙলবাৰে নিশা সংঘটিত হয় শোকাৱহ ঘটনা।কৰ্মস্থলীৰ পৰা নিজ বাসগৃহলৈ অহাৰ পথতে কৰুণ মৃত্যুক সাবটি লয় এগৰাকী আৰক্ষী জোৱানে। চাপৰমুখত ৰে'লৰ পৰি মৃত্যু হয় আৰক্ষী জোৱানগৰাকীৰ। জোৱানজনৰ নাম শংকৰজ্যোতি নাথ।
জোৱানজনৰ ঘৰ নগাঁৱৰ চামগুৰিত। জানিব পৰা মতে, কৰিমগঞ্জত অসম আৰক্ষীৰ ১৫নং বেটেলিয়নত কৰ্মৰত জোৱানজনে নামনিমুৱা শিলচৰ এক্সপ্ৰেছেৰে ঘৰলৈ বুলি আহি আছিল। কিন্তু চাপৰমুখ ষ্টেচনত ষ্টপেজ নথকাত কিছুদূৰ যোৱাৰ পিছতে জোৱানজনে ৰে'লখনৰ পৰা জাঁপ মাৰি দিয়ে। ফলত থিতাতে নিহত হয় জোৱানজন।
বুধবাৰে চাপৰমুখ ৰে'ল ষ্টেচনত আৰক্ষীয়ে জোৱানজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে।পিছত আৰক্ষীয়ে জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|