মুখ্যপৃষ্ঠা »খবৰ »অসম »মাজুলীত প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীৰ ওপৰত জপিয়াই পৰিল আৰক্ষী, নিৰ্মম লাঠিচালনা

মাজুলীত প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীৰ ওপৰত জপিয়াই পৰিল আৰক্ষী, নিৰ্মম লাঠিচালনা

প্ৰতিবাদকাৰীসকলক উধাই–মুধাই লাঠিচালনা কৰে আৰক্ষী–চিআৰপিএফ বাহিনীয়ে।

প্ৰতিবাদকাৰীসকলক উধাই–মুধাই লাঠিচালনা কৰে আৰক্ষী–চিআৰপিএফ বাহিনীয়ে।

প্ৰতিবাদকাৰীসকলক উধাই–মুধাই লাঠিচালনা কৰে আৰক্ষী–চিআৰপিএফ বাহিনীয়ে।

  • Share this:
মাজুলীত প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰী আৰু স্থানীয় ৰাইজৰ ওপৰত জঁপিয়াই পৰিল অসম আৰক্ষী। নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছতে আজি উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ–ছাত্ৰী আৰু স্থানীয় লোকে। প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল নাও দুৰ্ঘটনাত অকাল মৃত্যুক সাবটি লোৱা পৰিমিতা দাসে শিক্ষকতা কৰা ৰঙাচাহি কলেজৰ ছাত্ৰ–ছাত্ৰীও।

প্ৰতিবাদকাৰীসকলে মন্ত্ৰী বিমল বৰাক ঘেৰাও কৰি বিভিন্ন প্ৰশ্নবান নিক্ষেপ কৰে। প্ৰতিবাদকাৰীসকলৰ মূল দাবী মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰিক গ্ৰেপ্তাৰ কৰিব লাগে। ৰ’ ৰ’ জাহাজ নচলোৱাকৈ পেলাই থোৱাক লৈও প্ৰতিবাদকাৰীয়ে প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীক।

এটা সময়ত প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীসকলৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। প্ৰতিবাদকাৰীসকলক উধাই–মুধাই লাঠিচালনা কৰে আৰক্ষী–চিআৰপিএফ বাহিনীয়ে।

এই ঘটনাক তীব্ৰ গৰিহণা দিছে অসম জাতীয় পৰিষদে। যি সময়ত মাজুলীবাসী শোকত ম্ৰিয়মান হৈ আছে, সেই সময়ত ৰাইজক এষাৰি মাত লগোৱাৰ সলনি চৰকাৰী বাহিনীয়ে দমন নীতিৰে ৰাইজৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা চলোৱাতো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে দলটোৱে।

শেহতীয়া বাতৰি