• Home
  • »
  • News
  • »
  • assam
  • »
  • নাহিদৰ অনুষ্ঠানত লাঠিচাৰ্জ! হোজাইৰ মোৰাঝাৰত নাহিদৰ অনুষ্ঠানত বিশৃংখল পৰিস্থিতি

নাহিদৰ অনুষ্ঠানত লাঠিচাৰ্জ! হোজাইৰ মোৰাঝাৰত নাহিদৰ অনুষ্ঠানত বিশৃংখল পৰিস্থিতি

দহ দিনীয়ী কাৰ্যসূচীৰে মোৰাঝাৰ চিতলমাৰীত নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

দহ দিনীয়ী কাৰ্যসূচীৰে মোৰাঝাৰ চিতলমাৰীত নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

দহ দিনীয়ী কাৰ্যসূচীৰে মোৰাঝাৰ চিতলমাৰীত নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

  • Share this:
হোজাইৰ মোৰাঝাৰত নাহিদ আফ্ৰিনৰ অনুষ্ঠানত অথন্তৰ৷ এফালে নাহিদৰ গান আনফালে আৰক্ষীৰ লাঠিচালনা। দহ দিনীয়ী কাৰ্যসূচীৰে মোৰাঝাৰ চিতলমাৰীত নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

যোৱানিশা প্ৰতিযোগিতাখন শুভাৰম্ভ কৰিবলৈ নাহিদ আফ্ৰিনক আয়োজকসকলে আমন্ত্ৰণ জনাইছিল৷ শুভাৰম্ভ কৰি নাহিদে গীত পৰিৱেশন কৰাৰ সময়তে একাংশ লোকে বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰাত আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়।

আয়োজন সমিতিৰ ভুলৰ বাবেই এই অবাঞ্চিত পৰিৱেশৰ সৃষ্টি হৈছিল বুলি অভিযোগ উত্থাপন হৈছে৷ পিছলৈ নাহিদে অনুষ্ঠান সামৰি আঁতৰি যাবলৈ বাধ্য হয়৷ ইয়াকে লৈ একাংশ দৰ্শকৰ মাজতো অসন্তুষ্টিৰ সৃষ্টি হয়৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি