নাবালিকাক বলাৎকাৰ! নলবাৰীত গ্ৰেপ্তাৰ হ’ল আৰক্ষীৰ হাবিলদাৰ

মুকালমুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰক্ষী জোৱানজনক৷ নিশা বৰমাৰ পৰা মুকালমুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাকেশ আলীক৷
মুকালমুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰক্ষী জোৱানজনক৷ নিশা বৰমাৰ পৰা মুকালমুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাকেশ আলীক৷
- News18 Assam
- Last Updated: December 4, 2020, 6:10 PM IST
BTADৰ নিৰ্বাচনৰ বাবে কৰ্তব্য পালনৰ উদ্দেশ্যেৰে জোৱানজন গৈছিল বৰমালৈ৷ বৰমাৰ পৰা নিশাই মুকালমুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাকেশ আলীক৷ ৰাকেশ আলীৰ বিৰুদ্ধে এগৰাকী ৯ বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগত মুকালমুৱা আৰক্ষী থানাত ৰজু হৈছিল গোচৰ৷
ৰাকেশ আলীয়ে চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ত থকা অৱস্থাতে যোৱা মঙলবাৰে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক অসৎ কৰ্মত লিপ্ত কৰোৱাৰ অভিযোগত পৰিয়ালৰ লোকে মুকালমুৱা আৰক্ষী থানাত ৫৩২/২০২০ নম্বৰত ৰজু কৰিছিল গোচৰ৷