হামৰেণত আৰক্ষী ছাউনীত অঘটন, গুলীয়াই আত্মহত্যা কৰিলে এজন হাবিলদাৰে

পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণত আৰক্ষী ছাউনীত চাঞ্চল্যকৰ ঘটনা। নিজ কাৰ্বাইনেৰে গুলীয়াই আত্মহত্যা কৰে আৰক্ষীৰ এজন হাবিলদাৰে।

news18assam
Updated:April 30, 2019, 10:30 PM IST
হামৰেণত আৰক্ষী ছাউনীত অঘটন, গুলীয়াই আত্মহত্যা কৰিলে এজন হাবিলদাৰে
পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণত আৰক্ষী ছাউনীত চাঞ্চল্যকৰ ঘটনা। নিজ কাৰ্বাইনেৰে গুলীয়াই আত্মহত্যা কৰে আৰক্ষীৰ এজন হাবিলদাৰে।
news18assam
Updated: April 30, 2019, 10:30 PM IST
পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণত আৰক্ষী ছাউনীত চাঞ্চল্যকৰ ঘটনা। নিজ কাৰ্বাইনেৰে গুলীয়াই আত্মহত্যা কৰে আৰক্ষীৰ এজন হাবিলদাৰে। ঘৰলৈ যাবৰ বাবে ছুটি বিচৰাৰ পিছতে আৰক্ষী ছাউনীতে হাবিলদাৰজনে আত্মহত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মঙলবাৰে দিনৰ ভাগত আৰক্ষী ছাউনীতে নিজ কাৰ্বাইনেৰে গুলীয়াই আত্মহত্যা কৰে কলিয়াবৰৰ বেঙেনাআটী গাঁৱৰ দেৱৰাম বসুমতাৰী নামৰ আৰক্ষী হাবিলদাৰজনে।

উল্লেখযোগ্য যে দেৱৰাম বসুমতাৰীয়ে ঘৰলৈ যাবৰ বাবে ছুটি বিচাৰি কৰা আৱেদন ইতিমধ্যে মঞ্জুৰ হৈছিল কিন্তু আৰক্ষী ছাউনীতে হাবিলদাৰজনে আত্মহত্যা কৰা ঘটনাটো এতিয়াও ৰহস্যৰ আৱৰ্তত।
আৰু চাওক পৰৱৰ্তী বাতৰি