• Home
  • »
  • News
  • »
  • assam
  • »
  • কলিয়াভোমোৰা দলঙৰ তলত পৰা বাহনৰ তথ্য লাভ, ৰেলিং ভাঙি লুইতৰ বুকুত সন্ধানহীন হৈছিল দহচকীয়া ট্ৰাক

কলিয়াভোমোৰা দলঙৰ তলত পৰা বাহনৰ তথ্য লাভ, ৰেলিং ভাঙি লুইতৰ বুকুত সন্ধানহীন হৈছিল দহচকীয়া ট্ৰাক

GPSৰ শেহতীয়া তথ্য অনুসৰি, নিশা ১ বাজি ৯ মিনিটত ট্ৰাকখন দুৰ্ঘটনাত পতিত হয়৷ হয়তো নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে দলঙৰ ৰেলিং ভাঙি তললৈ সৰি পৰে বাহনখন৷

  • Share this:
অৱশেষত তথ্য উদ্ধাৰ হৈছে কলিয়াভোমোৰা দলঙৰ পৰা পৰি লুইতৰ বুকুত সন্ধানহীন হোৱা দুৰ্ঘটনাগ্ৰস্ত বাহনৰ৷ GPS ৰেকৰ্ডত পোহৰলৈ আহিছে কলিয়াভোমোৰাত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ তথ্য৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখন আছিল এখন দহ চকীয়া ট্ৰাক৷ পঞ্জীয়ন নম্বৰ হৈছে NL 01K 3553।

নাগালেণ্ড ডিমাপুৰৰ পৰা অৰুণাচল প্ৰদেশৰ বান্দৰদোৱালৈ বুলি কঢ়িয়াই আনিছিল লোৰ সামগ্ৰী৷ GPSৰ শেহতীয়া তথ্য অনুসৰি, নিশা ১ বাজি ৯ মিনিটত ট্ৰাকখন দুৰ্ঘটনাত পতিত হয়৷ হয়তো নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে দলঙৰ ৰেলিং ভাঙি তললৈ সৰি পৰে বাহনখন৷

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালক-হেণ্ডিমেন দুয়োজন নিখোজ হৈ আছে৷ চালকজন হৈছে শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কৃষিপাম গাঁৱৰ পদ্ম বিশ্বকৰ্মাৰ পুত্ৰ ৰাজীৱ বিশ্বকৰ্মা৷ হেণ্ডিমেনজন হৈছে বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংচালী গাঁৱৰ ২০ বছৰীয়া অমিত ডনাৰ ওৰফে লুটে৷

সোমবাৰে পুৱাৰে পৰা GAMMON কোম্পানীৰ সহযোগত NDRF আৰু SDRF ৰ ডুবাৰু্ৱে আপ্ৰাণ চেষ্টা চলাইও বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম নহ'ল৷ আজি পুনৰ একে স্থানতে অভিযান চলিব আৰু ভাৰতীয় সেনা বাহিনীৰ ডুবাৰুৱে সহযোগিতা আগবঢ়াব৷
Published by:Sanjay Kumar Das
First published: