ডকাইতক লক্ষ্য কৰি পুনৰ আৰক্ষীৰ গুলী। ডিব্ৰুগড়ৰ বৰবাম আৰক্ষীয়ে সোণাৰিত অভিযান চলাওঁতে পলায়নৰ চেষ্টা কৰা অৱস্থাত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় ডকাইত সন্তোষ জয়ছোৱাল। জয়ছোৱালক AMCH ভৰ্তি কৰোৱাত তেওঁৰ মৃত্যু ঘোষণা কৰে চিকিত্সকে (Robber killed in police firing)।
তথ্য অনুসৰি, জয়ছোৱালে পত্নী আৰু সন্তানক লৈ শহুৰেকৰ ঘৰত উপস্থিত হৈছিল। সেই সময়তে আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত আৰক্ষীৰ গুলীচালনাত মৃত্যুমুখত পৰে জয়ছোৱাল।
উল্লেখ্য, পূৰ্বে কেইবাবাৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত বাইক চুৰ, ডকাইত সন্তোষ জয়ছোৱালক। অসমৰ ভিন্ন স্থানত বাইক চুৰ কৰি নাগালেণ্ডত বিক্ৰী কৰা অহা কুখ্যাত বাইক চোৰ সন্তোষ জয়ছোৱালক এইবাৰ আৰক্ষীয়ে পলাবলৈ বিচাৰোঁতে গুলী কৰিবলৈ বাধ্য হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।