অৱশেষত সন্ধান ওলাল অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰা কৰুণা মুড়াৰ কৰ্মস্থলীৰ। নগাঁৱৰ ৰৌমাৰীৰ সমীপৰ শ'লমাৰীত থকা RS ইটাভাটাত ৩ মাহ ধৰি শ্ৰমিক ৰূপে নিয়োজিত হৈ আছিল দুৰ্ভগীয়া কৰুণা মুড়া।
১১ আগষ্টৰ নিশা ভাটাৰ শ্ৰমিক আৱাসত পানী গৰম কৰি থাকোতেই অগ্নিদগ্ধ হয় কৰুণা মুড়া। বহুসময় ধৰি মৃত্যু যন্ত্ৰণাত ছটফটাই থকাৰ পিছত ভাটাৰ ছৰ্দাৰ মনছুৰ খানে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে কৰুণাক। কিন্তু কৰুণাৰ চিকিৎসাৰ বাবদ কোনো দায়িত্ব ন'ললে চিকিৎসালয় কৰ্তৃপক্ষই।
দুই সন্তানৰ সৈতে কৰুণাক চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়ত মনছুৰে ভুৱা নাম-ঠিকনা দি তাৰ পৰা পলায়ন কৰিলে। ইয়াৰ পিছতে কৰুণাৰ দুই সন্তান চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হয়। ৫ ছেপ্টেম্বৰত নগাঁও অসামৰিক চিকিৎসালয়ত কৰুণাৰ মৃত্যুৰ সংবাদ পোৱাৰ পিছতে RS ইটাভাটাৰ মালিক ছাদ্দাম হুছেইন আৰু ছৰ্দাৰ মনছুৰে পলায়ন কৰে। বৰ্তমান নগাঁও আৰক্ষীয়ে দুয়োকে বিচাৰি অভিযান আৰম্ভ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|