ৰাজ্য কঁপাই যোৱা অনিমেশ ভূঞা হত্যাকাণ্ডৰ চাৰ্জশ্বিট আজি দাখিল কৰা হয় যোৰহাট আদালতত। আৰক্ষীয়ে ৮৮০ পৃষ্ঠাৰ চাৰ্জশ্বিটত ১৪গৰাকীক অভিযুক্ত ৰূপে প্ৰক্ষেপ কৰে। ইয়াৰ ভিতৰত এগৰাকী নাবালক অভিযুক্তও আছে। ইয়াৰ আন এগৰাকী অভিযুক্ত ক'লা লৰা ওৰফে নিৰজ দাসৰ ইতিমধ্যে মৃত্যু হৈছে (Police file chargesheet of Animesh Bhuyan murder case) ।
হত্যাকাণ্ডটো সন্দৰ্ভত ৭৬গৰাকী সাক্ষীয়ে সাক্ষ্যদান কৰিছে। চাৰ্জশ্বীট দাখিল সন্দৰ্ভত যোৰহাটৰ আৰক্ষী অধীক্ষক (Jorhat SP) অংকুৰ জৈনে কয় যে আৰক্ষীয়ে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত মুঠ ১৫জন ব্যক্তিক আটক কৰিছিল। সুভাষ বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিকো আৰক্ষীয়ে আটক কৰিছিল যদিও তেওঁৰ বিৰুদ্ধে কোনো প্ৰামাণিক তথ্য আৰক্ষীয়ে লাভ নকৰাত চাৰ্জশ্বিটৰ পৰা তেওঁৰ নাম আঁতৰাই ৰখা হয়।
ইতিমধ্যে ক'লা ল'ৰাৰ মৃত্যু হোৱাত এতিয়া ১৩জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ চলিব। উল্লেখ্য, ৰাজ্য চৰকাৰে অনিমেষ হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰি দিছিল। আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত ভাইৰেল হোৱা ভিডিঅ’ৰ ফৰেনছিক পৰীক্ষা কৰি আদালতত জমা দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|