শনিবাৰে নিশা যোৰহাট নগৰৰ মাজমজিয়াত এন আৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীক গুলীচালনা কৰা মূল অভিযুক্তক আৰক্ষীৰ এনকাউণ্টাৰ।
মূল অভিযুক্তজনৰ নাম প্ৰাঞ্জল বৰা ওৰফে দেহা বৰা। নগাঁৱৰ বাসিন্দা যুৱকজনক দেওবাৰে পুৱতিনিশা লগত লৈ আৰক্ষীয়ে ঘটনাৰ বিষয়ে তদন্ত চলাবলৈ যাওঁতে পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰাত ভৰিত গুলী লাগে। বৰ্তমান জেএমচিএইচত চিকিৎসাধীন হৈ আছে প্ৰাঞ্জল।
উল্লেখ্য, পিষ্টল দেখুৱাই ধন দাবী কৰিছিল দেহাৰ লগতে আন এজন দুৰ্বৃত্তই। কিন্তু আনজন পলাই যায়। ধন দাবী কৰা দুৰ্বৃত্তৰ গুলীত এন আৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰী আহত হৈছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|