কোকৰাঝাৰৰ গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত গাঞ্জা-মফিয়াৰ দৌৰাত্ম্যৰ মাজতে নিশা গাঞ্জা কঢ়িওৱা ট্ৰাকত দুৰ্বৃত্তই কৰিলে অগ্নিসংযোগ। অগ্নিসংযোগ হোৱা ট্ৰাকখন সোমবাৰে শ্ৰীৰামপুৰ আৰক্ষীয়ে জব্দ কৰিছিল। ইপিনে নিশাই উক্ত ট্ৰাকৰ সৈতে সংযোগ থকা এগৰাকী সন্দেহযুক্ত গাঞ্জা সৰবৰাহকাৰী আৰক্ষীৰ এনকাউণ্টাৰত আহত হোৱাৰ বাতৰি পোৱা গৈছে। এনকাউণ্টাৰত আহত লোকজন উত্তৰ প্ৰদেশৰ হৰেন্দ্ৰ যাদব (২৮) বুলি জানিব পৰা গৈছে৷
নিশাই আহত হৰেন্দ্ৰ যাদৱক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ শিমুলটাপুত সোমবাৰে ৭০ লাখ টকা মূল্যৰ গাঞ্জাসহ এখন ট্ৰাক জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছিল।
প্ৰাপ্ত তথ্য মতে, গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তাৰ নেতৃত্বত শিমুলটাপু আৰক্ষী চকীৰ সহযোগত শ্ৰীৰামপুৰ তালাচী চকীৰ সমীপত থকা নিয়মীয়া তলাচীৰ সময়তে WB 11C 3219 নম্বৰৰ এখন ছয়চকীয়া ট্ৰাকত তলাচী চলোৱাত ট্ৰাকখনৰ পৰা ২৯ পেকেট গাঞ্জা উদ্ধাৰ হয়। উদ্ধাৰ হোৱা ৩০৮ কিলোগ্ৰাম গাঞ্জাৰ বজাৰ মূল্য ৭০ লাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰিছিল।
উক্ত ঘটনাত আৰক্ষীয়ে ট্ৰাকখনৰ চালক মহেশ যাদৱ (৬৫) আৰু সহযোগী হৰেন্দ্ৰ যাদৱ(২৮)ৰ আটক কৰিছিল। আটকাধীন দুয়োৰে ঘৰ উত্তৰ প্ৰদেশৰ বালিয়াত। গুৱাহাটীৰ নিকটৱৰ্তী কোনো অঞ্চলৰ পৰা গাঞ্জাখিনি পশ্চিম বংগৰ কোচবিহাৰলৈ সৰবৰাহ কৰাৰ সময়ত চোৰাং গাঞ্জাসহ দুজনক আটক কৰা হৈছিল।
কিন্তু নিশাৰ ভিতৰতে জব্দ কৰা ট্ৰাকখনত কোনোবা অজ্ঞাত দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইপিনে শিমুলটাপুত আটক হোৱা গাঞ্জা সৰবৰাহকাৰী হৰেন্দ্ৰ যাদৱ আৰক্ষীৰ এনকাউণ্টাৰত আহত হোৱাৰ বাতৰি পোৱা যায়। অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে কি পৰিস্থিতিত গুলীচালনা কৰিবলগীয়া হ’ল সেই বিষয়ত সংবাদ মাধ্যমৰ আগত কোনো তথ্য সাদৰি কৰা নাই।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|