মুখ্যপৃষ্ঠা »খবৰ »অসম »Police Encounter Case : কেনাৰাম বসুমতাৰী নে ডিম্বেশ্বৰ মুছাহাৰী? আৰক্ষীৰ এনকাউণ্টাৰৰ বলি কোন জানিব বিচাৰি হাইৰান পৰিয়াল

Police Encounter Case : কেনাৰাম বসুমতাৰী নে ডিম্বেশ্বৰ মুছাহাৰী? আৰক্ষীৰ এনকাউণ্টাৰৰ বলি কোন জানিব বিচাৰি হাইৰান পৰিয়াল

পৰিয়ালটো এতিয়াও আশাবাদী যে প্ৰশাসনে মৃতদেহ তেওঁলোকক ঘূৰাই দিব।

পৰিয়ালটো এতিয়াও আশাবাদী যে প্ৰশাসনে মৃতদেহ তেওঁলোকক ঘূৰাই দিব।

পৰিয়ালটো এতিয়াও আশাবাদী যে প্ৰশাসনে মৃতদেহ তেওঁলোকক ঘূৰাই দিব।

  • Share this:

ৰৌতাৰ ডকাইত এনকাউণ্টাৰৰ ঘটনাক লৈ অব্যাহত আছে চাঞ্চল্য আৰু কৌতূহল। আৰক্ষীৰ হাতত ডকাইত কেনাৰাম বসুমতাৰীৰ সলনি ডিম্বেশ্বৰ মুছাহাৰী নামৰ এগৰাকী লোক নিহত হোৱা বুলি দাবী উঠাৰ পিছত বিগত তিনি দিন ধৰি ন্যায় নাপালে ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নীসহ পৰিয়ালে। নিশা কটাবলগীয়া হৈছে ওদালগুৰিৰ গেলেক্সী লʼজত । আজিও মৃতদেহ খান্দি চিনাক্তকৰণৰ সম্ভাৱনা নাই বুলি জানিব পৰা গৈছে।


প্ৰশাসনৰ তত্‍পৰতাক লৈ আশা নিৰ্বাপিত হৈছে পৰিয়ালৰ। হতাশাগ্ৰস্ত হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা দিব বুলি সদৰী কৰে ডিম্বেশ্বৰৰ ককায়েকে। ভাগৰি পৰিছে পত্নীও। প্ৰশাসনে ওদালগুৰিত থকা সময়ত ডিম্বেশ্বৰৰ পৰিয়ালৰ হোটেলৰ যাৱতীয় খৰচৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা কৰিছে যদিও মৃতদেহ চিনাক্তকৰণৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হোৱাত পৰিয়ালটো কিছু সমস্যাত পৰিছে।


পৰিয়ালটোৱে জানিবলৈ দিয়া মতে, প্ৰশাসনৰ পৰা বিভিন্ন প্ৰতিশ্ৰুতি দিয়ো এতিয়ালৈ কোনো সমাধান পোৱা নাই। পৰিয়ালটো এতিয়াও আশাবাদী যে প্ৰশাসনে মৃতদেহ তেওঁলোকক ঘূৰাই দিব।

শেহতীয়া বাতৰি