কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও থানাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত ২নং বুঢ়ীৰচাটাম গাঁৱত সংঘটিত হৈছে এই ঘটনা।
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও থানাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত ২নং বুঢ়ীৰচাটাম গাঁৱত সংঘটিত হৈছে এই ঘটনা।
গোঁসাইগাঁৱত আৰক্ষীয়ে কবৰৰ পৰা খান্দি উলিয়ালে এজন লোকৰ মৃতদেহ। ২৮ মে' শুকুৰবাৰে সমাধিস্থ কৰা মৃতদেহ আজি খান্দি উলিয়ালে আৰক্ষী–প্ৰশাসনৰ লোকে। কিন্তু চাৰিদিন পূৰ্বে সমাধিস্থ কৰা মৃতদেহ কিয় খান্দি উলিয়ালে?
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও থানাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত ২নং বুঢ়ীৰচাটাম গাঁৱত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, বুঢ়ীৰচাটাম গাঁৱৰ বাসিন্দা মগৰব আলীৰ পুত্ৰ ৰহিমউদ্দিন শ্বেখ (৩৫)ৰ পত্নী ছাহিদা খাতুনে ২৮ মে' শুকুৰবাৰে অৰ্থাৎ চাৰিদিন পূৰ্বে বিহ পান কৰি আত্মহত্যা কৰে। স্বামীগৃহৰ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষা নকৰাকৈ পিছদিনা মৃতদেহটো গাঁৱৰ একাংশ ৰাইজক লৈ সমাধিস্থ কৰে। ইপিনে ছাহিদাৰ পিতৃগৃহৰ লোকে এয়া এক হত্যাকাণ্ডৰ বুলি সন্দেহ প্ৰকাশ কৰি ৩১ মে'ত সাপকাটা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
উক্ত এজাহাৰৰ ভিত্তিত সাপকাটা আৰক্ষীয়ে শীৰ্ষ আৰক্ষী বিষয়াক অৱগত কৰাত আৰক্ষী বিষয়া আৰু দণ্ডাধীশৰ উপস্থিতিত আজি সমাধিৰ পৰা মৃতদেহটো খান্দি উলিওৱা হয়। ছাহিদা খাতুনৰ মৃতদেহটো কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব বুলি আৰক্ষীয়ে জনায়।
উল্লেখযোগ্য যে ৰহিমউদ্দিন শ্বেখে প্ৰায় ষোল্ল বছৰ পূৰ্বে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কামানডাংগা গাঁৱৰ বিশেষভাৱে সক্ষম ছাহিদাক বিবাহ কৰাইছিল আৰু বৰ্তমান তিনিচা সন্তানো আছে। কিন্ত যোৱা তিনিটা বছৰ ছাহিদা জটিল ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছিল৷
ছাহিদাৰ পিতৃ গৃহই এয়া পূৰ্বপৰিকল্পিত হত্যা কাণ্ড বুলি অভিযোগ কৰি গোচৰ তৰাত সাপকাটা আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত গাঁওখনৰে বাসিন্দা ছায়াদ আলী আৰু ময়নাল হকক সোধা–পোছাৰ বাবে আটক কৰে আৰু ছাহিদাৰ স্বামী ৰহিমউদ্দিন শ্বেখক গ্ৰেপ্তাৰ কৰে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|