সত্যৰঞ্জন বৰাক লংকাৰ লস্কৰ পথাৰত আক্ৰমণ কৰাৰ ঘটনাক লৈ লংকাত অব্যাহত আছে চেপা উত্তেজনা। হিন্দুত্ববাদী নেতাজনক গ্ৰেপ্তাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে এই পৰ্যন্ত আটক কৰিছে দুজন লোকক।
শুকুৰবাৰে নিশা লংকা আৰক্ষীয়ে লস্কৰ পথাৰ গাওঁত অভিযান চলাই প্ৰয়াত চাইফুল ইছলামৰ ৩৮ বছৰীয়া পুত্ৰ হাফিজ আহমেদ আৰু সুৰজ আলীৰ ২৬ বছৰীয়া পুত্ৰ ইমৰুল হুছেইনক আটক কৰে।
ইফালে ঘটনা সংঘটিত হোৱাৰ পিছত হোজাইৰ আৰক্ষী অধীক্ষকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল সত্যৰঞ্জন বৰাই। আনকি লংকা থানাত আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে সত্যৰঞ্জনে দাাখিল কৰিছিল এজাহাৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|