• Home
  • »
  • News
  • »
  • assam
  • »
  • NAZIRA : নাজিৰাত চিকিৎসালয়ৰ আচবাব লণ্ডভণ্ড কৰি আৰক্ষীৰ হাতত আটক হ'ল আৰক্ষী  

NAZIRA : নাজিৰাত চিকিৎসালয়ৰ আচবাব লণ্ডভণ্ড কৰি আৰক্ষীৰ হাতত আটক হ'ল আৰক্ষী  

নাম পঞ্জীয়নৰ টিকট পোৱাত পলম হোৱা বাবেই খৰ্গহস্ত হৈ পৰে

নাম পঞ্জীয়নৰ টিকট পোৱাত পলম হোৱা বাবেই খৰ্গহস্ত হৈ পৰে

নাম পঞ্জীয়নৰ টিকট পোৱাত পলম হোৱা বাবেই খৰ্গহস্ত হৈ পৰে

  • Share this:
নাজিৰা নগৰস্থিত নাজিৰা চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিৎসালয় লণ্ডভণ্ড কৰি নাজিৰা আৰক্ষীৰ হাতত আটক হ'ল পংকজ দাস নামৰ ২৫ নং অসম আৰক্ষী বেটেলিয়নৰ এজন জোৱান৷

চিকিৎসালয়খনত চিকিৎসকক দেখুওৱাৰ আগতে ৰোগীৰ নাম পঞ্জীয়ন কৰাটো নিয়ম৷ কিন্তু চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ আহি নাম পঞ্জীয়নৰ টিকট পোৱাত পলম হোৱা বাবেই খৰ্গহস্ত হৈ আৰক্ষী বেটেলিয়ানজনে চিকিৎসালয়খনৰ দুৱাৰ-খিৰিকীৰ গ্লাছ ভাঙি আচবাব লণ্ডভণ্ড কৰে।

চিকিৎসলয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত নাজিৰা আৰক্ষী আহি চিকিৎসালয়খনত উপস্থিত হৈ আৰক্ষী বেটেলিয়নজনক ঘটনাস্থলীৰ পৰা আটক কৰে। ঘটনা সন্দৰ্ভত নাজিৰা আদৰ্শ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই।
Published by:Gautam Barman
First published: