বিশ্বনাথত ১ লাখ টকা–বিলাসী গাড়ীসহ ১০ জুৱাৰীক আটক

News18-Assam
Updated:October 10, 2019, 8:36 AM IST
বিশ্বনাথত ১ লাখ টকা–বিলাসী গাড়ীসহ ১০ জুৱাৰীক আটক
অভিযানত আৰক্ষীয়ে জব্দ কৰে ১৪৪টা জুৱাখেলৰ টোকেন, তাছপাত, তিনিখন বিলাসী গাড়ী আৰু তিনিখন মটৰ চাইকেল।

অভিযানত আৰক্ষীয়ে জব্দ কৰে ১৪৪টা জুৱাখেলৰ টোকেন, তাছপাত, তিনিখন বিলাসী গাড়ী আৰু তিনিখন মটৰ চাইকেল।

  • Share this:
বিশ্বনাথ চাৰিআলিত আৰক্ষীৰ জালত পৰিল ১০ জুৱাৰী। বুধবাৰে নিশা বিশ্বনাথ আৰক্ষীয়ে বৰকুৰা গাঁৱৰ এটা বটল ফেক্টৰীত চলোৱা অভিযানত উৎখাত কৰিবলৈ সক্ষম হয় এটা জুৱাৰ ঘাটি৷ দীৰ্ঘদিন ধৰি চলি অহা এই জুৱাৰ ঘাটিৰ পৰা আৰক্ষীয়ে নগদ এক লাখ টকাসহ আটক কৰিবলৈ সক্ষম হয় দহজন লোকক৷

আটকাধীন লোককেইজন ক্ৰমে ৰাতুল বৰা, অযোধ্যা গুপ্তা, ছলমান আলী, ভগৱন্ত বড়ো, দ্বীপেন বৰা, মনোজ শ্বাহ, আব্দুল হালিম, হালিম উদ্দিন, কুদৰত আলী আৰু ৰছিদ খান৷ ইয়াৰে ভগৱন্ত বড়ো গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ কৰ্মচাৰী, দ্বীপেন বৰা অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰী আৰু বাকীকেইজন ব্যৱসায়ী৷

ৰাতুল বৰা নামৰ লোকজনৰ মালিকানাধীন ফেক্টৰীটোত জুৱা খেলি থকা অৱস্থাৰ পৰা আটক কৰা হয় লোককেইজনক। এই অভিযানত আৰক্ষীয়ে জব্দ কৰে ১৪৪টা জুৱাখেলৰ টোকেন, তাছপাত, তিনিখন বিলাসী গাড়ী আৰু তিনিখন মটৰ চাইকেল। দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে জুৱাৰ ঘাটি উচ্ছেদৰ বাবে আৰক্ষীক দাবী জনাই আহিছিল।



উল্লেখযোগ্য যে বিশ্বনাথ চাৰিআলিত দীৰ্ঘদিন ধৰি কেইবাটাও জুৱাৰ ঘাটি চলি থকাৰ অভিযোগ উত্থাপন হৈছে৷ দৈনিক লাখ লাখ টকাৰ অবৈধ জুৱা খেল চলা এই ঘাটিসমূহলৈ আহে প্ৰতিষ্ঠিত ব্যৱসায়ীৰ লগতে চৰকাৰী কৰ্মচাৰীও৷ বিলাসী হোটেল, ৰেস্তোঁৰা আৰু চহৰখনৰ কেইবাটাও ৱাৰ্ড, দাঁতিকাষৰীয়া কেইবাখনো গাঁৱত চলে এই অবৈধ জুৱাৰ ঘাটি।

 


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


 
First published: October 10, 2019, 8:36 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading