ডিমা হাছাও জিলাৰ হাৰাঙ্গাজাও আৰক্ষী থানাত তিনিটাকৈ গোচৰৰ ভিত্তিত আদালতৰ নিৰ্দেশত ডিমা হাছাও আৰক্ষীয়ে জ্বলাই দিলে ৮০ কুইন্টলতকৈ বেছি অবৈধ বাৰ্মিজ চুপাৰি আৰু সাতাইশ হাজাৰ পেকেট বিদেশী চিগাৰেট।
কাৰ্যবাহী দণ্ডাধীশৰ উপৰি ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনলজ্যোতি দাস আৰু উপ-আৰক্ষী অধীক্ষক বৰকৰ টেৰাঙৰ উপস্থিতিত আৰক্ষীৰ দলে এই সামগ্ৰীখিনি জ্বলাই দিয়ে।চোৰাং কাৰবাৰত লিপ্ত থকা একাংশ ব্যৱসায়ীয়ে পাহাৰীয়া ডিমা হাছাও জিলাক সময়ে সময়ে বৰাক উপত্যকা হৈ অবৈধ তেনে সামগ্ৰী সৰবৰাহ কৰা কাৰ্যত কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰাটো নতুন ঘটনা নহয়। কিন্তু আৰক্ষী সজাগ থকা বাবে তেনে কিছু অবৈধ সৰবৰাহ ধৰা পৰে।
তথ্য অনুসৰি, হাৰাঙ্গাজাও আৰক্ষীয়ে তেনে অভিযানত ৮০ কুইন্টলতকৈ বেছি বাৰ্মিজ চুপাৰি ভৰ্তি থকা ট্ৰাক বাজেয়াপ্ত কৰে। লগতে ২৭ হাজাৰ কাৰ্টন অবৈধ বিদেশী চিগাৰেট লৈ যোৱা সময়ত জব্দ কৰিছিল। আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল। অলপতে ডিমা হাছাও জিলা আদালতে এইবোৰ বিনষ্ট কৰাৰ বাবে নিৰ্দেশ দিয়ে। এই নিৰ্দেশ অনুসৰি আজি অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) অনলজ্যোতি দাসে পদক্ষেপ গ্ৰহণ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।