আৰক্ষীৰ নিযুক্তি কেলেংকাৰীয়েও গা লৰাব পৰা নাই একাংশ আৰক্ষী বিষয়াৰ! ভুৱা নিযুক্তি কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ডক ৰক্ষণাবেক্ষণৰ চেষ্টা আৰক্ষীৰ

News18 Assam | News18-Assam
Updated:September 27, 2020, 2:26 PM IST
আৰক্ষীৰ নিযুক্তি কেলেংকাৰীয়েও গা লৰাব পৰা নাই একাংশ আৰক্ষী বিষয়াৰ! ভুৱা নিযুক্তি কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ডক ৰক্ষণাবেক্ষণৰ চেষ্টা আৰক্ষীৰ
SI চাকৰিৰ পিছত এইবাৰ ONGCত চলিছে চাকৰিৰ বজাৰ। নাজিৰাত ONGCৰ চাকৰিৰ ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰি অহা এক ভয়ংকৰ চক্ৰৰ তথ্য পোহৰলৈ আহিছে।

SI চাকৰিৰ পিছত এইবাৰ ONGCত চলিছে চাকৰিৰ বজাৰ। নাজিৰাত ONGCৰ চাকৰিৰ ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰি অহা এক ভয়ংকৰ চক্ৰৰ তথ্য পোহৰলৈ আহিছে।

  • News18 Assam
  • Last Updated: September 27, 2020, 2:26 PM IST
  • Share this:
অসম আৰক্ষীৰ SI নিযুক্তি কেলেংকাৰীত একাংশ আৰক্ষী বিষয়া জড়িত হৈ থকাৰ ঘটনাই সমগ্ৰ অসম তোলপাৰ লগাই থকা সময়তে শিৱসাগৰ জিলাত সংঘটিত হৈছে আন এক বৃহৎ নিযুক্তি জালিয়াতি। এই ঘটনাত সন্দেহজনক ৰূপত দেখা গৈছে আৰক্ষীৰ ভূমিকা। আৰক্ষীৰ তদন্তকাৰী বিষয়াই চাকৰি লাভৰ বাবে ধন দিয়া ভুক্তভোগী যুৱকক ভুৱা অপহৰণৰ গোচৰত জে’ললৈ প্ৰেৰণ কৰাৰ বিপৰীতে ভুৱা নিযুক্তি প্ৰক্ৰিয়াৰ মাষ্টাৰ মাইণ্ডগৰাকীক ধোৱা তুলসীৰ পাত সজাই ঘৰলৈ যাবলৈ দিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত মূল অভিযুক্তগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয়। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ নেমুগুৰি থানাৰ অধীনত।

SI চাকৰিৰ পিছত এইবাৰ ONGCত চলিছে চাকৰিৰ বজাৰ। নাজিৰাত ONGCৰ চাকৰিৰ ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰি অহা এক ভয়ংকৰ চক্ৰৰ তথ্য পোহৰলৈ আহিছে। বৃহৎ পৰিমাণৰ টকাৰ বিনিময়ত বকতাৰ দুজন যুৱকক ONGCৰ ভুৱা নিযুক্তিপত্ৰ প্ৰদান কৰিছিল আশ্ৰফুল হক নামৰ এটা দলালে ৷ নিযুক্তি পত্ৰত উল্লেখিত তাৰিখ মতে, যোৱা ২৩ ছেপ্তেম্বৰত দুয়োজন যুৱকে নাজিৰাৰ ONGC অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ত চাকৰিত যোগদান কৰিবলৈ যাওঁতেহে ভুৱা নিযুক্তি পত্ৰৰ কথাটো পোহৰলৈ আহে ৷

লগে লগে দুয়োজন যুৱকে দালাল আশ্ৰাফুলক ধন ঘুৰাই বিচাৰে। আশ্ৰাফুলক এখন গাড়ীত উঠাই লৈ দ্বীপজ্যোতি দিহিঙীয়া আৰু দীনেশ চেতিয়া নামৰ ভুক্তভোগী যুৱক দুজনে বহু সময় ধৰি প্ৰাপ্য ধনৰ সন্ধানত ঘুৰি ফুৰে। কিন্তু চতুৰ আশ্ৰাফুলে কৌশলেৰে যুৱক দুজনৰ বিৰুদ্ধে  তেওঁক পিষ্টল দেখুৱাই অপহৰণ কৰা বুলি ভুৱা গোচৰ জাপি দিয়ে। এই গোচৰ ৰুজু কৰে নেমুগুৰি থানাত। দালাল আশ্ৰাফুলৰ ভুৱা গোচৰৰ ভিত্তিত নেমুগুৰি থানাৰ তদন্তকাৰী বিষয়া লালা আলীয়ে ঘটনাৰ সঠিক তদন্ত নকৰাকৈয়ে প্ৰৱঞ্চনাৰ বলি হোৱা দ্বীপজ্যোতি দিহিঙীয়া, দীনেশ চেতিয়া আৰু দীনেশ চেতিয়াৰ ভাতৃ বিজয় চেতিয়াক জেললৈ প্ৰেৰণ কৰে।

যুৱক দুজন কেনেদৰে এই ভয়ংকৰ প্ৰৱঞ্চক চক্ৰৰ জালত পৰিল সেই সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰি দালাল আশ্ৰাফুলক ঘৰলৈহে যাবলৈ দিয়ে তদন্তকাৰী বিষয়া লালা আলীয়ে। ভুক্তভোগী যুৱককেইজনৰ বিষয়ে সঠিক কথাখিনি অৱগত কৰিবলৈ থানালৈ গাঁৱৰ পৰা বহুকেইজন লোক আহিছিল যদিও তেওঁলোকৰ কোনো কথাই নুশুনিলে তদন্তকাৰী বিষয়াগৰাকীয়ে ।

অৱশেষত গ্ৰেপ্তাৰ হল প্ৰৱঞ্চক আশ্ৰাফুল 

ভুক্তভোগী যুৱকদ্বয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰাৰ পিছত এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ঘটনাটো দৃষ্টি গোচৰ হয় উচ্চপদস্থ আৰক্ষী বিষয়াৰ। আনহাতে ভুক্তভোগী যুৱককেইজনৰ পৰিয়ালৰ লোকেও ইতিমধ্যে আশ্ৰাফুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পিছতে নেমুগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ শৰ্মাই ঘটনাৰ তদন্ত কৰি গ্ৰেপ্তাৰ কৰে আশ্ৰাফুলক ৷ তাৎপৰ্যপূৰ্ণ ভাৱে গ্ৰেপ্তাৰ হোৱা আশ্ৰাফুলে স্বীকাৰ কৰিছে ভুৱা নিযুক্তিৰ জাল পেলাই যুৱক কেইজনৰ পৰা ধন লোৱাৰ কথা। লগতে স্বীকাৰ কৰিছে ভুৱা অপহৰণৰ গোচৰ দিয়াৰ কথাও।

বিগত এবছৰ ধৰি ধৃত আশ্ৰাফুলে এই ভুৱা নিযুক্তিৰ জাল পেলাই আহিছে বুলি জানিবলৈ দিছে। মৰাণত প্ৰস্তুত কৰা হৈছিল ভুৱা নিযুক্তি পত্ৰসমূহ। ইতিমধ্যে এজন প্ৰৱঞ্চিত যুৱকক ধন ঘুৰাই দিয়া বুলিও জানিবলৈ দিয়ে আশ্ৰাফুলে ।

আৰক্ষীৰ ৰহস্যজনক ভূমিকাক লৈ প্ৰতিক্ৰিয়া :

এই ভুৱা নিযুক্তি চক্ৰৰ ঘটনাৰ ক্ষেত্ৰত নেমুগুৰি আৰক্ষী চকীৰ তদন্তকাৰী বিষয়া লালা আলীয়ে দালাল আশ্ৰাফুলৰ পক্ষ লোৱাৰ অভিযোগ কৰিছে স্থানীয় লোক তথা দল-সংগঠনে। ONGCত চাকৰি দিয়াৰ নামত নিবনুৱা যুৱক যুৱতীৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰা আশ্ৰাফুলৰ লগত আন লোক জড়িত থকাৰো সন্দেহ কৰা হৈছে ৷ কিন্তু বহুতৰে মনত প্ৰশ্ন উঠিছে যে, এনেদৰে তদন্ত কৰা লালা আলীৰ দৰে আৰক্ষী বিষয়াই অ এন জি চিৰ ভুৱা নিযুক্তি পত্ৰ চক্ৰৰ ভেদ ভাঙিব পাৰিবনে?
Published by: Himangshu Bhuyan
First published: September 27, 2020, 2:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading