শিৱসাগৰত আৰক্ষী অধীক্ষকৰ কঠোৰ শাস্তিৰ পৰিণতিত কনিষ্টবলৰ মৃত্যু!

পৰিয়ালৰ অভিযোগ – আৰক্ষী অধীক্ষকে সামান্য কথাতে ৫০ বছৰীয়া কনিষ্টবলজনক দিছিল কঠোৰতম শাস্তি।

News18-Assam
Updated:August 28, 2019, 12:40 PM IST
শিৱসাগৰত আৰক্ষী অধীক্ষকৰ কঠোৰ শাস্তিৰ পৰিণতিত কনিষ্টবলৰ মৃত্যু!
পৰিয়ালৰ অভিযোগ – আৰক্ষী অধীক্ষকে সামান্য কথাতে ৫০ বছৰীয়া কনিষ্টবলজনক দিছিল কঠোৰতম শাস্তি।
News18-Assam
Updated: August 28, 2019, 12:40 PM IST
শিৱসাগৰত আৰক্ষী অধীক্ষকৰ কঠোৰ শাস্তিৰ পৰিণতিতে এগৰাকী কনিষ্টবলৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। মৃত কনিষ্টবলজনৰ নাম পৰমানন্দ য়েইন। কনিষ্টবলজনৰ পৰিয়ালৰ অভিযোগ – আৰক্ষী অধীক্ষকে সামান্য কথাতে ৫০ বছৰীয়া কনিষ্টবলজনক দিছিল কঠোৰতম শাস্তি। জয়সাগৰ আৰক্ষী চকীত কৰ্মৰত কনিষ্টবলজনক শিৱসাগৰ পুখুৰীৰ পাৰত দৌৰিবলৈ দিছিল আৰক্ষী অধীক্ষকে।

বিগত কেইবাদিনো ধৰি কনিষ্টবলজনক এইদৰে শাস্তি প্ৰদান কৰাৰ অভিযোগ কৰিছে পৰিয়ালে। যি শাস্তিৰ বাবে শাৰিৰীকভাৱে অসুস্থ হৈ চিকিৎসাধীন হ’বলগা হৈছিল কনিষ্টবলজন। চিকিৎসালয়ত এটা দিন থকাৰ পিছতে যোৱানিশা মৃত্যুক আঁকোৱালি লয় কনিষ্টবল পৰমানন্দ য়েইনে।

অতি ভদ্ৰ, অমায়িক প্ৰকৃতিৰ আৰক্ষী কনিষ্টবলজনৰ এই অস্বাভাৱিক মৃত্যুক সহজভাৱে ল’ব পৰা নাই সহকৰ্মীৰ লগতে পৰিয়ালে। সহকৰ্মী আৰু পৰিয়ালবৰ্গৰ অভিযোগ – সামান্য এটা কথাতে কনিষ্টবলজনক কঠোৰতম শাস্তি বিহিছিল আৰক্ষী অধীক্ষকগৰাকীয়ে। যাৰ বাবে শাৰীৰিক অৱস্থাৰ অৱনতি ঘটি এইদৰে মৃত্যুক সাবটি ল’লে য়েইনে।
আৰু চাওক পৰৱৰ্তী বাতৰি