মাকুমত ভয়ংকৰ দুৰ্ঘটনা, চেকগে’টত প্ৰচণ্ড খুন্দা মাৰি দুই আৰক্ষী জোৱানক মহতিয়াই নিলে এখন বাহনে

News18 Assam | News18-Assam
Updated:February 27, 2020, 12:06 PM IST
মাকুমত ভয়ংকৰ দুৰ্ঘটনা, চেকগে’টত প্ৰচণ্ড খুন্দা মাৰি দুই আৰক্ষী জোৱানক মহতিয়াই নিলে এখন বাহনে
এই দুৰ্ঘটনাত 9th APBNৰ নগাঁওৰ আৰক্ষী জোৱান আজিজুল হক নিহত হয়।

এই দুৰ্ঘটনাত 9th APBNৰ নগাঁওৰ আৰক্ষী জোৱান আজিজুল হক নিহত হয়।

  • News18 Assam
  • Last Updated: February 27, 2020, 12:06 PM IST
  • Share this:
মাকুমত ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিচুকীয়াৰ পৰা বৰহাপজানৰ অভিমুখে দ্ৰুতবেগেৰে আহি থকা AS 23 0140 নম্বৰৰ এখন বাহনে মাকুমৰ চেকগে’টত পচণ্ড জোৰে খুন্দা মাৰি দুজন আৰক্ষী জোৱানক মহতিয়াই নিয়ে।

এই দুৰ্ঘটনাত 9th APBNৰ নগাঁওৰ আৰক্ষী জোৱান আজিজুল হক নিহত হয়। আনহাতে, ITBPৰ তেজুৰ জোৱান আক্রাম মংগল সিঙক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান ICUত চিকিৎসাধীন হৈ আছে জোৱানজন। বাহনখনৰ চালক ছাহিবুদ্দিন আলী আৰু লগত থকা ছাদ্দাম আলীক বাহনসহ আটক কৰিছে আৰক্ষীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি