• Home
  • »
  • News
  • »
  • assam
  • »
  • Integrated Traffic Management System : আজিৰ পৰা কেমেৰাৰ জৰিয়তে হ'ব সকলো ৰেকৰ্ড, মহানগৰীত নতুন ট্ৰেফিক ব্যৱস্থাক লৈ আৰক্ষী আয়ুক্তৰ সংবাদমেল

Integrated Traffic Management System : আজিৰ পৰা কেমেৰাৰ জৰিয়তে হ'ব সকলো ৰেকৰ্ড, মহানগৰীত নতুন ট্ৰেফিক ব্যৱস্থাক লৈ আৰক্ষী আয়ুক্তৰ সংবাদমেল

চিটীবাছে নিয়ম অমান্য কৰিলে লাইচেন্স বাতিল হ'ব।

চিটীবাছে নিয়ম অমান্য কৰিলে লাইচেন্স বাতিল হ'ব।

চিটীবাছে নিয়ম অমান্য কৰিলে লাইচেন্স বাতিল হ'ব।

  • Share this:
মহানগৰীত যান–জঁট সন্দৰ্ভত আৰক্ষী আয়ুক্ত হাৰমিৎ সিং আৰু যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই সংবাদমেল সম্বোধন কৰে। আৰক্ষী বিষয়া দুগৰাকীয়ে সংবাদ মেলত প্ৰকাশ কৰে যে নতুন ট্ৰেফিক ব্যৱস্থা ইতিমধ্যে মহানগৰীত আৰম্ভ হৈছে যদিও এতিয়ালৈ ই–চালানৰ ব্যৱস্থা কাৰ্যকৰী কৰা হোৱা নাই৷ ই–চালান ব্যৱস্থা কাৰ্যকৰী কৰা হোৱা নাই যদিও আইন অমান্য কৰিব নোৱাৰিব।

নতুন ট্ৰেফিক পদ্ধতি ৰাইজে লাহে লাহে বুজিবলৈ সক্ষম হোৱাৰ লগতে ইয়াৰ সৈতে খাপ খাব আৰু এই ব্যৱস্থাই জনসাধাৰণক ট্ৰেফিক জামৰ পৰা মুক্তি দিব। এইক্ষেত্ৰত বাহন চালকসকলে Lane Driving কৰিবলৈ শিকিব লাগিব বুলি উল্লেখ কৰি আৰক্ষী বিষয়া দুগৰাকীয়ে পাৰ্কিঙৰ ক্ষেত্ৰতো মন্তব্য কৰে।

গাড়ী পাৰ্কিঙৰ ক্ষেত্ৰত কেৱল ছিংগল লাইনতহে গাড়ী পাৰ্ক কৰিবলৈ আহ্বান জনাই কেৱল ৮০ শতাংশ লোকে এই নিয়ম মানি চলে যদিও ২০ শতাংশ লোকে নিয়ম নামানে বুলি প্ৰকাশ কৰে। আনহাতে, চিটীবাছ সন্দৰ্ভত মন্তব্য কৰি কয় যে বাছ আস্থানতহে সকলোৱে বাছৰ পৰা নমা উচিত, নিজৰ সুবিধাৰ বাবে পথৰ মাজত গাড়ী ৰখো‍ৱা উচিত নহয়। এইক্ষেত্ৰত আজিৰ পৰা কেমেৰাৰ জৰিয়তে সকলো ৰেকৰ্ড হ'ব।

চিটীবাছে নিয়ম অমান্য কৰিলে লাইচেন্স বাতিল হ'ব। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভত মন্তব্য কৰি কয় যে খানাপাৰাৰ পৰা জালুকবাৰীৰ ঘাইপথ বৰ্তমান পুনৰ্নিৰ্মাণ পৰ্যায়ত আছে, সেই বাবে অলপ ট্ৰেফিক জামৰ সমস্যা হৈছে।  কিন্তু ৰাইজে Lane Drive কৰিলে যান–জঁট কমিব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি